• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণৰ নামত বনাঞ্চল ধ্বংসৰ বিৰোধিতা, ডবকাত আছুৰ মানৱ শৃংখল

ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণৰ নামত বনাঞ্চল ধ্বংসৰ বিৰোধিতা, ডবকাত আছুৰ মানৱ শৃংখল

হোজাই জিলা ছাত্ৰ সন্থাৰ আহ্বানত আৰু ডবকা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কেইবা শতাধিক আছু কৰ্মীয়ে মানৱ শৃংখল কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

হোজাই জিলা ছাত্ৰ সন্থাৰ আহ্বানত আৰু ডবকা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কেইবা শতাধিক আছু কৰ্মীয়ে মানৱ শৃংখল কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

হোজাই জিলা ছাত্ৰ সন্থাৰ আহ্বানত আৰু ডবকা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কেইবা শতাধিক আছু কৰ্মীয়ে মানৱ শৃংখল কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

  • Share this:
হোজাই জিলাৰ ডবকা বনাঞ্চলৰ শতবৰ্ষ গৰকা মূল্যবান গছসমূহ ৰক্ষাৰ বাবে বিগত কিছুদিনৰ পৰা বিভিন্ন দল–সংগঠনে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সময়তে বুধবাৰে ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ডবকা-ডিফু সংযোগী পথৰ ওপৰত সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ আহ্বানত আৰু ডবকা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কেইবা শতাধিক আছু কৰ্মীয়ে মানৱ শৃংখল কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

আছুৰ হোজাই জিলা সভাপতি দেৱজিৎ ডেকা, সম্পাদক ছাদ্দাম হুছেইন তালুকদাৰ আৰু কেন্দ্ৰীয় কমিটীৰ সদস্য পংকজ দাসৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ সদস্যসকলে বনাঞ্চলৰ গছ কটাৰ বিৰোধিতাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ। উপস্থিত থকা আছুৰ নেতৃত্বই কয়- ডবকা বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ কৰি চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ পথ উন্নীতকৰণৰ চৰকাৰৰ পদক্ষেপক আমি আদৰণি জনাইছো৷ কিন্তু বৰ পৰিতাপৰ বিষয় যে, ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ নামত ঐতিহাসিক ডবকা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় সাত হাজাৰ মূল্যবান শাল গছকে ধৰি বিভিন্ন প্ৰজাতিৰ গছ ধ্বংস কৰি এই পথ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ বিভাগৰ এই কামত আমি ডবকা আঞ্চলিক ছাত্ৰ সন্থা তথা সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ লগতে হোজাইবাসী ৰাইজ মৰ্মাহত হৈছো৷

এই শালবাগানৰ প্ৰায় প্ৰতিজোপা শাল গছেই শতবৰ্ষ পুৰণি৷ ডবকাৰ পৰা আকাশীগংগালৈ যোৱাৰ পথত শাৰী শাৰীকৈ থিয় হৈ থকা শাল, চেগুণকে ধৰি অন্যান্য প্ৰজাতিৰ গছসমূহে প্ৰতিজন প্ৰকৃতিপ্ৰেমীক আপ্লুত কৰি তোলে। এই বৃহৎ সংখ্যক বনাঞ্চল ধ্বংস কৰিলে ডবকা তথা হোজাই অঞ্চলৰ মানুহৰ জীৱনলৈ ভয়ংকৰ ভাবুকি নামি আহিব বুলি প্ৰতিবাদকাৰী আছু কৰ্মকৰ্তাই মন্তব্য কৰে৷ লগতে পৰিৱেশলৈও ভয়ংকৰ বিপদ নমাই আনিব পাৰে বুলি আছু নেতা দেৱজিত ডেকাই মন্তব্য কৰে৷

তদুপৰি এই বনাঞ্চলত থকা প্ৰায় ছয়শ বিধ পক্ষী কুলৰ জীৱনলৈ সংকট নামি আহিব বুলি জিলা সম্পাদক ছাদ্দাম হুছেইনে মন্তব্য কৰে৷ সেয়েহে গছ কটাৰ বিৰোধিতাৰে আছুৱে হোজাইৰ ডিএফঅ' গুণদীপ দাসৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷

প্ৰতিবাদকাৰী আছুৰ নেতৃত্বই কয়, ৰাস্তা আমাক লাগে৷ আমি ৰাস্তাৰ বিৰোধী নহয়৷ সেয়ে চৰকাৰ তথা সংশ্লিষ্ট পক্ষই ডবকা বনাঞ্চলৰ মাজেদি পথ সম্প্ৰসাৰণ নকৰি বিকল্প উপায় হিচাপে বনাঞ্চলৰ কাষেদি যোৱা ফৰেষ্ট ভিলেজৰ কাষেৰে পথ নিৰ্মাণ কৰিলে বনাঞ্চলখন ৰক্ষা পৰিব৷ দেশ তথা বিশ্বৰ মানৱ জাতি আৰু জীৱকুলৰ ৰক্ষাৰ কাৰণে এই স্পৰ্শকাতৰ বিষয়কেইটা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ হস্তক্ষেপ কামনা কৰিছে ছাত্ৰ সন্থাই৷
Published by:Sanjay Kumar Das
First published: