உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • উত্তৰ-পূবৰ প্ৰথমটো ৰে'ল ষ্টেচন পুনৰুজ্জীৱিত কৰাৰ দাবীত আছুৰ প্ৰতিবাদ

    উত্তৰ-পূবৰ প্ৰথমটো ৰে'ল ষ্টেচন পুনৰুজ্জীৱিত কৰাৰ দাবীত আছুৰ প্ৰতিবাদ

    এই ষ্টেচনটো ১৮৮১ চনতে নিৰ্মাণ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইংৰাজ বিষয়া জন বেৰী হোৱাইটে ৷

    এই ষ্টেচনটো ১৮৮১ চনতে নিৰ্মাণ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইংৰাজ বিষয়া জন বেৰী হোৱাইটে ৷

    এই ষ্টেচনটো ১৮৮১ চনতে নিৰ্মাণ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইংৰাজ বিষয়া জন বেৰী হোৱাইটে ৷

    • Share this:
    ডাঙৰী ষ্টেচন পুনৰুজ্জীৱিত কৰাৰ দাবীত বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ কৰে আছুৱে (AASU Protest) ৷ উত্তৰ-পূবৰ প্ৰথমটো ৰে'ল ষ্টেচন ডিব্ৰু-শদিয়া ডাঙৰী ষ্টেচন এতিয়া ইতিহাসৰ পাতত হেৰাই যোৱাৰ দিশত । এই ষ্টেচনটো ১৮৮১ চনতে নিৰ্মাণ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইংৰাজ বিষয়া জন বেৰী হোৱাইটে ৷ সেই সময়ৰ শদিয়া নগৰলৈ যোগাযোগৰ বাটকটীয়া আছিল ডিব্ৰু-শদিয়া ৰে'ল লাইন ৷

    কিন্তু ভাৰত চৰকাৰৰ ৰে'ল মন্ত্ৰালয় (Rail Ministry)ৰ অধীনৰ অসমৰ প্ৰথমটো মাকুম ৰে'ল জংচনৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ ছটাকৈ ৰে'ল ষ্টেচনত ৰে'ল বিভাগে লগাইছে তলা ৷  ষ্টেচন মাষ্টৰৰ কাৰ্যালয়, টিকট বুকিং কাউণ্টাৰ, আৱাস গৃহ , যাত্ৰীৰ জিৰণি ঘৰসমূহো জহি-খহি পৰিৱৰ্তন হৈছে গৰু-ছাগলীৰ গোহালীলৈ ৷

    ব্ৰিটিছ প্ৰশাসনে ১৯১০ চনত ছৈখোৱাঘাটৰ পৰা ডিব্ৰুগড়ৰলৈ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছিল ৷ দেশ স্বাধীন হোৱাৰ পিছত এই ৰে'ল পথটো ভাৰত চৰকাৰৰ ৰে'ল মন্ত্ৰালয়ে উত্তৰ-পূব সীমান্ত প্ৰশাসনৰ অধীনলৈ আনে ৷ উত্তৰ-পূব ৰে'ল প্ৰশাসনে ডিব্ৰু-শদিয়া ৰে'ল পথত কয়লা ইঞ্জিন চালিত ৰে'ল চলাচলৰ ব্যৱস্থা কৰে যদিও ১৯৫০ চনৰ বৰভূঁইকঁপত ছৈখোৱাঘাট ৰে'ল ষ্টেচনটো ধ্বংস হৈ পৰে ৷

    ইয়াৰ পিছতে ডাঙৰী ষ্টেচনলৈকে (Dangari Rail Station) ব্ৰডগজ ৰে'লপথ নিৰ্মাণ কৰি ৰে'ল চলাচলৰ ব্যৱস্থা কৰে উত্তৰ-পূব সীমান্ত ৰে'ল প্ৰশাসনে ৷ শেহতীয়াকৈ অসমৰ প্ৰথমটো ডিব্ৰু-শদিয়া ৰে'লপথৰ বৰহাপজান , হাঁহচৰা , ডুমডুমা , ৰূপাই , তালাপ , ডাঙৰী ষ্টেচন বন্ধ কৰি ৰাখিছে ৷ মাজতে কিছুদিনৰ বাবে ডেম’ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছিল যদিও কেইবাবছৰ ধৰি সেয়াও বন্ধ হৈ আছে ৷

    এই ঐতিহাসিক জংচন মাকুমৰ (Makum) অন্তৰ্গত উত্তৰ-পূবৰ প্ৰথমটো ডিব্ৰু-শদিয়া ৰে'ল লাইনৰ ডাঙৰী ৰে'ল ষ্টেচন যাত্ৰীৰ বাবে মুকলিৰ দাবীৰে স্থানীয় ৰাইজৰ সহযোগত ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাই দুঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিভিন্ন প্ৰতিবাদী শ্লগানেৰে উত্তাল কৰি তোলে ডাঙৰী ট্ৰেইন ষ্টেচনৰ চৌপাশ ৷ আছুৱে ৰে'ল বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক এই ষ্টেচনটোত পুনৰ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিবলৈ এটা সপ্তাহৰ সময়সীমা বান্ধি দিছে। অন্যথা আন্দোলন আৰু অধিক তীব্রতৰ হ'ব  বুলি সকীয়াই দিছে ৰে'ল বিভাগৰ লগতে চৰকাৰক।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: