CAAৰ বিৰুদ্ধে আছুৰ গণ সত্যাগ্ৰহৰ তৃতীয় দিন, প্ৰতিবাদত নামিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজো

News18 Assam | News18-Assam
Updated:December 18, 2019, 8:09 AM IST
CAAৰ বিৰুদ্ধে আছুৰ গণ সত্যাগ্ৰহৰ তৃতীয় দিন, প্ৰতিবাদত নামিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজো
আইনখন বাতিল কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তেজপুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও।

আইনখন বাতিল কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তেজপুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে আন্দোলন। আজি আছুৰ গণ সত্যাগ্ৰহৰ তৃতীয় তথা অন্তিম দিন। লতাশিল খেলপথাৰত সমবেত হ’ব আন্দোলনকাৰীসকল। লতাশিলৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ উলিয়াব বিশাল সমদল। সকলোকে লতাশিল খেলপথাৰলৈ ওলাই অহাৰ বাবে আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যৰ আন আন প্ৰান্ততো আছুৱে পালন কৰিব গণ সত্যাগ্ৰহ কাৰ্যসূচী।

ইফালে, বিতৰ্কিত আইনখনৰ বিৰুদ্ধে আজি কৰ্মচাৰী পৰিষদেও পালন কৰিব প্ৰতিবাদী কাৰ্যসূচী। আজি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন নকৰে বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘কেজুৱেল লিভ’ৰ সৈতে মিলাই দিয়া হ’ব এই দিনটো।

আনহাতে, জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে আজি প্ৰতিবাদত নামিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজো। আইনখন বাতিল কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তেজপুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by: Sanjay Kumar Das
First published: December 18, 2019, 8:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading