বিজেপি (BJP)য়ে অসমৰ নিৰ্বাচনী ইস্তাহাৰত ভুৱা তথ্য প্ৰচাৰ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে আছু (AASU)ৱে। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আনহাতে অহা ২০ মাৰ্চত কা (CAA) বিৰোধী প্ৰতিবাদী কাৰ্যসূচীৰে সমগ্ৰ অসম কঁপাব বুলি ঘোষণা কৰিছে ছাত্ৰ সন্থাই।
বিধানসভা নিৰ্বাচন (Assam Assembly Election 2021)ত বিজেপিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত ভুৱা তথ্য দাঙি ধৰাৰ গুৰুতৰ অভিযোগ উৎথাপন কৰিছে সদৌ অসম ছাত্র সন্থাই। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত অসম-বাঙলাদেশ সীমান্ত সম্পূৰ্ণ ৰূপে ছীল কৰা হ’ল বুলি প্ৰকাশ কৰা হৈছে। কিন্তু আছুৰ সভাপতি দীপাংক নাথে কয় যে অসমৰ কৰিমগঞ্জ ছেক্টৰৰ অসম-বাঙলাদেশ সীমান্তৰ ৪ কিলোমিটাৰ আজিও মুকলি হৈ আছে। আনহাতে, ধুবুৰী জিলাৰ ধুবুৰী-মানকাচাৰ নদী অঞ্চলৰ ৪৪ কিলোমিটাৰ সীমান্ত লেজাৰ গাইডেড টেকনলজী ব্যৱহাৰ কৰি ছীল কৰা হৈছে বুলি প্ৰকাশ কৰিছে বিজেপিয়ে। কিন্তু এই কথাৰ সত্যতা সংবাদ মাধ্যমত তন্ন তন্নকৈ দেখুৱাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে আছুৰ সভাপতিগৰাকীয়ে।
"বিজেপিয়ে অসম-বাঙলাদেশ সীমান্ত ছীল কৰা বুলি নিৰ্বাচনী ইস্তাহাৰত অসমৰ জনসাধাৰণক আঁভুৱা ভাৰিছে। কৰিমগঞ্জ ছেক্টৰৰ ৪ কিলোমিটাৰ সীমান্ত আজিও ধোবাংবাঙ হৈ আছে। ধুবুৰী-মানকাচাৰৰ নদী অঞ্চলৰ ৪৪ কিলোমিটাৰ সীমান্ত উন্নত কাৰিকৰী পদ্ধতিৰে ছীল কৰা হ’ল বুলি চৰকাৰে প্ৰমাণ কৰি দেখুওৱাক।", আছুৰ সভাপতি দীপাংক নাথে এনেদৰে কয়।
আনহাতে, অহা ২০ মাৰ্চত ‘কা' বিৰোধী প্ৰতিবাদী কাৰ্যসূচীৰে অসম কঁপাব ছাত্ৰ সন্থাই। ‘কা' সন্দৰ্ভত বিজেপিৰ পূৰ্বৰ স্থিতি বাহাল থাকিব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে। ‘কা'ৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰি অহাৰ পিছত অহা ২০ মাৰ্চত সমগ্ৰ অসমতে আছুৰ প্ৰতিখন আঞ্চলিক আৰু শাখাৰ কৰ্মকৰ্তাসকলে বাইক ৰেলী কৰি ‘কা'ৰ বিৰোধিতা কৰিব বুলি জানিবলৈ দিছে আছুৰ সভাপতিগৰাকীয়ে। এই বাইক ৰেলীত সকলোকে যান–বাহন আইন মানি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আছুৰ সভাপতিগৰাকীয়ে।
অহা ২১ মাৰ্চত গুৱাহাটীত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু ২২ মাৰ্চত প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। ইয়াত আলোচনা হোৱাৰ পিছতে আছুৰ ৰাজনৈতিক মতাদৰ্শকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত লোৱা হ’ব বুলি জানিবলৈ দিছে দীপাংক নাথে। আনহাতে ‘কা' বাতিল কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰটোৰ বৰ্তমানলৈকে শুনানি আৰম্ভ হোৱা নাই বুলি জানিবলৈ দিয়ে আছুৰ সভাপতিগৰাকীয়ে। উচ্চতম ন্যায়ালয়ত অতি গুৰুত্বপূৰ্ণ গোচৰসমূহৰহে অনলাইন শুনানি হৈ আছে বুলি জানিবলৈ দি দীপাংক নাথে কয় যে কেন্দ্ৰীয় চৰকাৰে ‘কা' সন্দৰ্ভত ৰুল ফ্ৰেম কৰিব পৰা নাই বাবেই শুনানি আৰম্ভ কৰিব পৰা নাই বুলি তেওঁলোকে ধাৰণা কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 16, 2021, 09:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|