ক'ভিডৰ আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পোৱাৰ সময়তে অধিক চিন্তিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু। সেইবাবেই আছুৰ নেতৃত্বই শনিবাৰে গুৱাহাটীৰ শ্বহীদ ন্যাসত এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদমেল সম্বোধন কৰি আছুৰ সভাপতি দীপাংক নাথে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন পৰীক্ষা অফলাইনত হ'ব নে অনলাইনত হ'ব সেই কথা স্পষ্ট কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনাই আছুৱে।
ছাত্ৰ ছাত্ৰীক শংকাত ৰাখি পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ আছুৰ সভাপতিগৰাকীয়ে আহ্বান জনায়। ৰাজ্যৰ যিবোৰ স্থানত ক'ভিড সংক্ৰমন বাঢ়িছে সেই স্থানৰ স্কুল-কলেজক তাৎক্ষণিক সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে আছুৱে। স্কুল-কলেজৰ পাঠদান আৰু পৰীক্ষা সম্পৰ্কত চৰকাৰকো নিৰ্দেশনা দিবলৈ অনুৰোধ জনাইছে আছুৱে। ইফালে প্ৰতিটো ক্ষেত্ৰত হোৱা মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই। অসমৰ জনসাধাৰণক ভেকচিন লোৱাৰ লগতে এই ভেকচিন সহজতে ৰাইজক যোগান ধৰিবলৈ চৰকাৰক দাবী জনাই দীপাংক নাথে।
Published by: Kokil Sarma
FIRST PUBLISHED : April 24, 2021, 22:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।