দিল্লীৰ ওচৰত আঁঠু লোৱা আঞ্চলিক শক্তিয়ে অসমীয়া জাতিৰ হিত চিন্তা কৰিব নোৱাৰে, কাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে দীপাংক নাথে?

News18 Assam | News18-Assam
Updated:February 21, 2021, 8:47 AM IST
দিল্লীৰ ওচৰত আঁঠু লোৱা আঞ্চলিক শক্তিয়ে অসমীয়া জাতিৰ হিত চিন্তা কৰিব নোৱাৰে, কাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে দীপাংক নাথে?
তেওঁ লগতে অসমৰ ৰাইজক অসমৰ ভাষা-সংস্কৃতি বিপন্ন কৰিব বিচৰা ৰাজনৈতিক দলক প্ৰত্যাখান কৰিবলৈকো আহ্বান জনায়।

তেওঁ লগতে অসমৰ ৰাইজক অসমৰ ভাষা-সংস্কৃতি বিপন্ন কৰিব বিচৰা ৰাজনৈতিক দলক প্ৰত্যাখান কৰিবলৈকো আহ্বান জনায়।

  • Share this:
"শ্বহীদৰ তেজৰ মূল্য দিব নজনা, ৪২ লাখ হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিয়াৰ সমৰ্থনত ৰাজ্যসভাত ভোট দিয়া অসম গণ পৰিষদে সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰাটো আছুৰ বাবে শুভ লক্ষণহে। কাৰণ জাতিবিৰোধী শক্তিৰ বাবে আছু সদায় শত্ৰু।" নগাঁৱত এই মন্তব্য আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ।

আছুৰ সভাপতিগৰাকীয়ে অসমত সুস্থ আৰু নিৰ্ভেজাল আঞ্চলিকতাবাদৰ প্ৰয়োজন বুলিও মন্তব্য কৰি কয়, "অগপৰ কাম হৈছে আছুক চৰ-ঘোচা-লাঠ মৰা। অগপই ইয়াৰ বাহিৰে আন একো কৰিব নোৱাৰে। কিন্তু অসমীয়া জাতিৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাই সদায় সংগ্ৰাম কৰি যাব।"

তেওঁ লগতে অসমৰ ৰাইজক অসমৰ ভাষা-সংস্কৃতি বিপন্ন কৰিব বিচৰা ৰাজনৈতিক দলক প্ৰত্যাখান কৰিবলৈকো আহ্বান জনায়। উল্লেখযোগ্য যে অগপ নেতৃত্বক কঠোৰ সমালোচনা কৰা আছুৰ নেতাগৰাকীয়ে কয়, বিগত সময়ছোৱাত ৰাজনৈতিক শক্তিসমূহে জাতিটোক কেৱল প্ৰতাৰণা কৰি আহিছে। অগপ নেতৃত্বই দিল্লীৰ ওচৰত আঁঠু লোৱা বুলি সমালোচনা কৰি কয়, "দিল্লীৰ ওচৰত আঁঠু লোৱা আঞ্চলিক শক্তিয়ে অসমীয়া জাতিৰ হিত চিন্তা কৰিব নোৱাৰে।"
Published by: Sanjay Kumar Das
First published: February 21, 2021, 8:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি