হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিত আজি আছুৰ CAAৰ বিৰোধিতাৰে প্ৰতিবাদী ‘জনকণ্ঠ’

News18 Assam | News18-Assam
Updated:December 28, 2019, 10:17 AM IST
হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিত আজি আছুৰ CAAৰ বিৰোধিতাৰে প্ৰতিবাদী ‘জনকণ্ঠ’
Source-Google

ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

  • News18 Assam
  • Last Updated: December 28, 2019, 10:17 AM IST
  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী সভা আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। আছুৰ কাৰ্যসূচীত ৰাজ্যৰ শিল্পী সমাজেও বিশেষ ভাবে সহযোগিতা আগবঢ়াইছে।

শুৱালকুছিত আজি আছুৰ প্ৰতিবাদী জনকণ্ঠ। CAAৰ বিৰুদ্ধে সাব্যস্ত কৰিব প্ৰতিবাদ। শুৱালকূছি বালি চৰত আয়োজন কৰা হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এই প্ৰতিবাদী সভা। দিনৰ প্ৰায় ১ বজাৰ পৰা আৰম্ভ হ’ব কাৰ্যসূচী। অসমৰ শিল্পীসমাজ, ৩০ টা জনগোষ্ঠীয় সংগঠনেও অংশগ্ৰহণ কৰিব আছুৰ এই প্ৰতিবাদী কাৰ্যসূচীত।
Published by: Himangshu Bhuyan
First published: December 28, 2019, 10:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading