ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ একেবাৰে বন্ধ কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ(AASU opposes Closing of Akashbani Guwahati mediumwave) । বৰ্তমানৰ দৰে মিডিয়াম ৱেভ চলাই ৰখোৱা দাবী সংগঠনটোৰ । সোমবাৰে চানমাৰিত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা( Padmashri Pratima Pande Baruah memorial award) প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মিডিয়াম ৱেভ বন্ধ প্ৰসংগক বিৰোধিতা কৰে ৷
তেওঁ কয়, আকাশবাণী গুৱাহাটী অসমীয়া জাতিৰ স্বাভিমান । জাতিৰ স্বাভিমানত আক্ৰমণ কৰিব খোজা বিষয়টো মানি লোৱা নহ’ব । আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ(Closing of Akashvani Guwahati mediumwave) ব্যৱস্থা কৰা লগে লগেই অসমৰ সংস্কৃতিৰ বৰপেৰাত প্ৰচণ্ড আঘাত সানিছে । অসমীয়া জাতিৰ কলা-সংস্কৃতিক আক্ৰমণ কৰিব বিচৰাৰ সিদ্ধান্ত বাতিল কৰি মিডিয়াম ৱেভ অব্যাহত ৰখাৰ দাবী জনায় ভট্টাচাৰ্যই ।
আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় , 'আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰাৰ লগে লগে অসমৰ গাঁৱে-ভূঞে, চহৰে নগৰে থকা ৰাইজৰ লগত সংযোগ বিচিন্ন হ’ব । কেন্দ্ৰীয় চৰকাৰে জাতিৰ প্ৰতি যি অন্যায় কৰিব বিচাৰিছে তাক বন্ধ কৰিব লাগে ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
তেওঁ লগতে কয় যে এইক্ষেত্ৰত অসম চৰকাৰে বলিষ্ঠ পদক্ষেপ ল’ব লাগে ৷ মিডিয়াম ৱেভ বন্ধ কৰি অসমীয়া থলুৱা ভাষা সংস্কৃতি অনুষ্ঠানসমূহ সংকুচিত কৰিব বিচৰা হৈছে যি আমাৰ বাবে গ্ৰহণযোগ্য নহয় ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|