পুনৰ আছুৰ সভাপতি পদত দীপাংক নাথ, শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক নিৰ্বাচিত

News18 Assam | News18-Assam
Updated:November 22, 2020, 12:26 PM IST
পুনৰ আছুৰ সভাপতি পদত দীপাংক নাথ, শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক নিৰ্বাচিত
আছুৰ দুলীয়াজান অধিৱেশনৰ অন্তিম দিনা আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণ জ্যোতি গগৈয়ে।

আছুৰ দুলীয়াজান অধিৱেশনৰ অন্তিম দিনা আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণ জ্যোতি গগৈয়ে।

  • News18 Assam
  • Last Updated: November 22, 2020, 12:26 PM IST
  • Share this:
আছুৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হয় দীপাংক নাথ। নতুন কমিটীৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা। আছুৰ দুলীয়াজান অধিৱেশনস্থলীত বিষয়ববীয়া বাছনি সভাত হোৱা আলোচনামৰ্মে দীপাংক নাথক পুনৰ সভাপতি আৰু শংকৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়।

আছুৰ দুলীয়াজান অধিৱেশনৰ অন্তিম দিনা আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণ জ্যোতি গগৈয়ে। জাতিৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে গগৈয়ে। পৰৱৰ্তী সময়ত লুৰিণজ্যোতিয়ে সক্ৰিয় ৰাজনীতিত যোগ দিব বুলি চলিছে চৰ্চা।

সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনত শুকুৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আছুৰ বিভিন্ন সমিতিৰ কাৰ্যকাল, সদস্যৰ বয়সৰ লগতে আন কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল প্ৰতিনিধি সভাত।
Published by: Sanjay Kumar Das
First published: November 22, 2020, 12:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading