• Home
  • »
  • News
  • »
  • assam
  • »
  • বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ APDCLৰ পৰিচালন সঞ্চালকৰ সৈতে আছুৰ বৈঠক, সিদ্ধান্ত পৰিহাৰ নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ

বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ APDCLৰ পৰিচালন সঞ্চালকৰ সৈতে আছুৰ বৈঠক, সিদ্ধান্ত পৰিহাৰ নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ

ৰাইজক মাধমাৰ শোধাই বিদ্যুতৰ বিলৰ বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ আছুৰ।

ৰাইজক মাধমাৰ শোধাই বিদ্যুতৰ বিলৰ বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ আছুৰ।

ৰাইজক মাধমাৰ শোধাই বিদ্যুতৰ বিলৰ বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ আছুৰ।

  • Share this:
APDCLৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰক সাক্ষাৎ আছুৰ প্ৰতিনিধি দলৰ। বিদ্যুতৰ মাচুল বৃদ্ধি প্ৰসংগত ৰাকেশ কুমাৰৰ সৈতে আলোচনাত মিলিত হয় আছুৰ প্ৰতিনিধি দলটো। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয়, ‘‘বিসংগতি হোৱাৰ কথা স্বীকাৰ কৰিছে কৰ্তৃপক্ষই। আমি তদন্ত বিচৰিছো। খেলিমেলি হোৱা বিল ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। APDCLৰ এটা দলে সকলো চোৱা–চিতা কৰি আছে৷’’

তেওঁ কয়, ‘‘প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি কৰা সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছো আমি। ৰাজ্যখনৰ সকলো প্ৰান্তত ব্যাপক খেলিমেলি হৈছে। কোম্পানী সমূহে যোগান ধৰা স্মাৰ্ট মিটাৰ সমূহত বিসংগতি হৈছে।’’ – ক’লে আছুৰ সভাপতিগৰাকীয়ে।

আনহাতে, আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়, ‘‘কোম্পানী সমূহে গাফিলতি কৰাৰ বাবে শ্ব'কজ কৰা হৈছে। ৩০ পাইছা বৃদ্ধি হোৱাটো যুক্তিসংগত নহয়। ৪০ গৰাকী উচ্চ পৰ্যায়ৰ বিষয়া এই কামৰ বাবে নিয়োগ কৰা হৈছে। অভিযোগ নিদিয়াকৈ সকলো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰা হৈছে। জুলাইত ৭০৫ কোটি টকা বিভাগৰ ব্যয় হৈছে৷ আগষ্ট মাহত ৭৭০ কোটি টকা ব্যয় হৈছে এ পি ডি চি এলৰ। এই ৬৫ কোটি টকাৰ ঘাটি বাজেটৰ জোৰা মাৰিবলৈ ৩০ পইচা প্ৰতি ইউনিতত বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত আছুৱে কেতিয়াও মানি নলয়।’’

‘‘২৫ হাজাৰ স্মাৰ্ট মিটাৰ লগোৱা পূৰ্বাঞ্চল এন্টাৰপ্ৰাইজ নামৰ কোম্পানীক শ্ব'কজ কৰা হৈছে। এই কোম্পানী সমূহে অধিক খেলিমেলি কৰাৰ বাবে শ্বকজ দিয়া হৈছে। NOC নোহোৱালৈকে কোনো ধৰণৰ বিল নাপায় কোম্পানীটোৱে। ঘাটি বাজেট ৰাইজৰ পৰা উঠাব নোৱাৰিব।’’ – ক’লে শংকৰজ্যোতি বৰুৱাই।



ৰাইজক মাধমাৰ শোধাই বিদ্যুতৰ বিলৰ বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ আছুৰ।
Published by:Sanjay Kumar Das
First published: