'আৰক্ষীয়ে ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰসকলক প্ৰহাৰ কৰিব, আকৌ থানালৈ নি প্ৰহাৰ কৰিব, আমি সেয়া কেতিয়াও মানি নলও।'-ডিব্ৰুগড় আৰক্ষীয়ে আছুৰ সদস্যক প্ৰহাৰ কৰা ঘটনাক এতিয়া এনেদৰে নিন্দা কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
উল্লেখ্য যে, ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হোৱা মাৰপিটৰ ঘটনাৰ পিছতে আৰক্ষীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ প্ৰৱেশ কৰি আছু কৰ্মীক শাৰীৰিক ভাবে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এনেদৰে ছাত্ৰ সন্থাৰ সদস্যক প্ৰহাৰ কৰা ঘটনাক এতিয়া সহজ ভাবে ল'ব পৰা নাই সংগঠনটোৱে।
ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচন কেন্দ্ৰিক এখন কাজিয়াত মাৰপিটৰ ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতেই আৰক্ষীয়ে আছু সদস্যসকলৰ ওপৰত আক্ৰমণ কৰে। পৰৱৰ্তী সময়ত পুনৰ আৰক্ষীয়ে শ্বহীদ ভৱনত প্ৰৱেশ কৰি আছু কর্মীসকলক শাৰিৰীকভাৱে প্ৰহাৰ কৰে ৷ আনকি আছু কৰ্মীসকলে ব্যৱহাৰ কৰা বাহনসমূহ জব্দ কৰি থানালৈ নিয়ে ৷
এই ঘটনাৰ প্ৰতিবাদত দেওবাৰে সংগঠনটোৱে ৩৬ ঘণ্টীয়া তিনিচুকীয়া বন্ধৰ আহ্বান জনাইছে। লগতে আটক কৰা সদস্যসকলক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী কৰিছে। ঘটনাৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
ভট্টাচাৰ্যই কয় যে, 'আৰক্ষীয়ে ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰসকলক প্ৰহাৰ কৰিব, আকৌ থানালৈ নি প্ৰহাৰ কৰিব, আমি সেয়া কেতিয়াও মানি নলও। এই বৰ্বৰ ঘটনাক আমি ধিক্কাৰ দিছো। উচিত বিচাৰ হওক। গ্ৰেপ্তাৰ হোৱা সকলো ছাত্ৰসন্থাৰ সদস্যক শীঘ্ৰে মুক্তি দিয়ক। আৰু ছাত্ৰ সন্থাৰ সদস্যৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ হ'ব। অসম চৰকাৰলৈ আমাৰ এয়া কঠোৰ সকীয়নি। এয়া অত্য়াচাৰী ৰাজত্ব চলিছে। আজি ডিব্ৰুগড়-তিনিচুকীয়াত প্ৰতিবাদ হৈছে। সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ হ'ব।'
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|