শুকুৰবাৰে ছেবাৰ কাৰ্যালয়ত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনাত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থা। ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, সচিব সুৰঞ্জনা সেনাপতি আৰু ছেবাৰ অন্য় বিষয়াৰ সৈতে আলোচনাত মিলিত হয় আছুৰ নেতৃবৰ্গ।
ছেবা কৰ্তৃপক্ষই দুই-তিনি দিনৰ ভিতৰত অসম চৰকাৰৰ লগত আলোচনা কৰি HSLC পৰীক্ষা কেতিয়া আৰু কেনেদৰে অনুষ্ঠিত কৰা হ'ব সেই বিষয়ে আলোচনা কৰি ৰাজহুৱা কৰিব বুলি কয়।
প্ৰায় এঘণ্টা জোৰা আলোচনাত আছুৰ নেতৃবৰ্গই অসমৰ লাখ লাখ ছাত্র-ছাত্ৰীৰ সুনিশ্চিত ভবিষ্যতৰ কথা চিন্তা কৰি প্ৰণালীবদ্ধ ভাবে অতি সোনকালে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছেবা কৰ্তৃপক্ষক আহ্বান জনায়। লগতে পৰীক্ষা অনুষ্ঠিত কৰা সময়ত ছাত্ৰ-ছাত্ৰীয়ে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ প্ৰতিও লক্ষ্য ৰখাৰ পোষকতা কৰে ।
পৰীক্ষা কেন্দ্ৰসমূহত ক'ভিড প্রট'কল মানি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবদ ২৫ টকাকৈ খৰছ কৰা হ'ব বুলি জানিব দিয়ে ছেবা কৰ্তৃপক্ষই।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 28, 2021, 16:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।