লুৰিণজ্যোতি গগৈয়ে কয় যে,'মহাবিদ্যালয়ত ছাত্ৰ একতা সভা নিৰ্বাচনৰ এই প্ৰক্ৰিয়াটোত চৰকাৰ প্ৰশাসনে অনাকাংক্ষিত ঘটনা নহ'বলৈ যেনেকৈ এক সু-শৃংখলিত ভাবে প্ৰস্তুতি চলাব লাগে, এই ক্ষেত্ৰত চূড়ান্ত ভাবে ব্যৰ্থ হৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা গৃহ বিভাগ যে বিফল, বাৰে বাৰে প্ৰমাণিত হৈ আহিছে।'
লুৰিণজ্যোতি গগৈয়ে লগতে কয় যে,'এই ঘটনা অতি আশ্বৰ্যজনক। একেধৰণৰ ঘটনাই সংঘটিত হৈছে। কিছুদিন পূৰ্বে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ নিৰ্বাচনৰ পিছত চৰকাৰ চলাই থকা বিজেপি আৰু অসম গণ পৰিষদৰ উদ্যোগত তেওঁলোকৰ একাংশ গোণ্ডাবাহিনীয়ে ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি ছাত্ৰ সন্থাৰ কৰ্মীক প্ৰহাৰ কৰাৰ চেষ্টা চলাইছিল। আৰু এই ঘটনাকলৈ সমগ্ৰ গোলাঘাটত আলোচনা চলিছিল যে, খোদ অতুল বৰাৰ নেতৃত্বত এই গোণ্ডাগিৰি আৰম্ভ হৈছে। আৰু ডিব্ৰুগড়ৰ ঘটনাক লৈয়ো আলোচনা কৰোতে অভিভাৱক মন্ত্ৰী অতুল বৰাই সম্পূৰ্ণ হেঁচা দিছে বুলি বহুতে কব বিচাৰিছে। অর্থাৎ অতুল বৰাৰ পৃষ্ঠপোষকতাত অসমত গুণ্ডাগিৰি আৰম্ভ হৈছে। নিজৰ মাতৃ সংগঠন ছাত্ৰ সন্থাৰ কৰ্ম-কৰ্তাক আক্ৰমণ আৰম্ভ কৰিছে। আৰু অতুল বৰাৰ নেতৃত্বত আৰম্ভ হোৱা এনে কাণ্ডক মৌন সমৰ্থন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।'