সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ পদত্যাগ । বিলগাঁও আঞ্চলিক ছাত্র সন্থাৰ পৰা যাত্ৰা আৰম্ভ কৰি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি পদ অলংকৃত কৰিছিল ৰাজু ফুকনে। পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল ৰাজু ফুকনে। শনিবাৰে ২৭ বছৰীয়া যাত্ৰাৰ অৱসান ঘটাই আনুষ্ঠানিকভাৱে আছু ত্যাগ কৰে ৰাজু ফুকনে।
সাম্প্ৰতিক সময়ত সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উদ্যোগত গঠন হ’ব লগীয়া বিকল্প ৰাজনৈতিক দলৰ হৈ কাম কৰিবৰ বাবে আছুৰ পৰা পদত্যাগ কৰিছে ৰাজু ফুকনে।
"প্ৰথম অসম,সদায় আৰু চিৰদিন"- এই মূল মন্ত্র মানি চলি ভৱিষ্যতে ৰাইজৰ স্বাৰ্থত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে নেতাগৰাকীয়ে। আজি আছুৰ পৰা সদ্য পদত্যাগী ৰাজু ফুকনক ধনশিৰি মহকুমা ছাত্র সন্থা আৰু ধনশিৰি আছুৰ অন্তৰ্গত ৮ খন আঞ্চলিক ছাত্র সন্থাই আনুষ্ঠানিক ভাবে বিদায় দিয়ে ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 12, 2020, 14:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।