CAA বিৰোধী আন্দোলনৰ সক্ৰিয় আছু নেতাৰ বিজেপিত যোগদান

News18 Assam | News18-Assam
Updated:June 2, 2020, 4:17 PM IST
CAA বিৰোধী আন্দোলনৰ সক্ৰিয় আছু নেতাৰ বিজেপিত যোগদান
CAA আন্দোলনৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আছু নেতাৰ এনে পাভলুটিত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সচেতন মহলত।

CAA আন্দোলনৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আছু নেতাৰ এনে পাভলুটিত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সচেতন মহলত।

  • Share this:
CAA আন্দোলনত ‘বিজেপি মুৰ্দাবাদ’, ‘সৰ্বানন্দ গ’ বেক’ ধ্বনি দিয়া আছু নেতাৰ বিজেপিত যোগদান। বহু বছৰ ধৰি ডিব্ৰুগড় আছুৰ লগত জড়িত দিব্যজ্যোতি হাজৰিকা ওৰফে বিজু লখীমিৰ বিজেপি গমন। সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড়ৰ জিলাৰ প্ৰাক্তন উপ-সভাপতি তথা বিত্ত সম্পাদক আৰু ডিব্ৰুগড় আছুৰ নগৰ সমিতিৰ উপদেষ্টা বিজুৱে শেহতীয়া CAA বিৰোধী আন্দোলনত ডিব্ৰুগড়ৰ কেইবাটাও কাৰ্যসূচীৰ নেতৃত্ব দিছিল। কিন্তু একেজন জাতীয়তাবাদী নেতাই সোমবাৰে হঠাতে গেৰুৱা বসন পিন্ধি ডিব্ৰুগড়ৰ বিজেপি কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিজেপিৰ ডিব্ৰুগড়ৰ জিলা সভাপতি জগদীশ ৰাজকোঁৱৰ, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধক্ষ্য ড০ হেমপ্ৰভা বৰঠাকুৰ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অসীম হাজৰিকা আদিৰ উপস্থিতিত গেৰুৱা দলটোৰ এজন সক্ৰিয় সদস্য পদ গ্ৰহণ কৰে। ইফালে CAA আন্দোলনৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আছু নেতাৰ এনে পাভলুটিত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সচেতন মহলত। সোমাবাৰৰ এই যোগদান কাৰ্যসূচীত ডিব্ৰুগড়ৰ স্থানীয় গায়ক মৃণাল বৰুৱা আৰু ব্যৱসায়ী জয়ন্ত গগৈয়েও বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।
First published: June 2, 2020, 8:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading