বঙাইগাঁৱত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত আছু নেতা দেৱানন্দ ৰায়

ছাত্ৰ নেতাজনৰ মৃত্যুত সাতদিনীয়া শোক ঘোষণা কৰিছে বঙাইগাঁও আৰু চিৰাং জিলা ছাত্ৰ সন্থাই৷

News18-Assam
Updated:November 3, 2019, 8:47 AM IST
বঙাইগাঁৱত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত আছু নেতা দেৱানন্দ ৰায়
ছাত্ৰ নেতাজনৰ মৃত্যুত সাতদিনীয়া শোক ঘোষণা কৰিছে বঙাইগাঁও আৰু চিৰাং জিলা ছাত্ৰ সন্থাই৷
News18-Assam
Updated: November 3, 2019, 8:47 AM IST
বঙাইগাঁৱৰ সিদলসতীত পথ দুৰ্ঘটনাত নিহত আছু নেতা৷ নিশা দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱানন্দ ৰায়৷ বাইকেৰে গৈ থকাৰ সময়তে ট্ৰাকৰ খুন্দাত নিহত হয় ৰায়। দুৰ্ঘটনাৰ পিছতে ট্ৰাকসহ পলায়ন কৰে চালকে। উত্তৰ শালমাৰাৰ দিশৰ পৰা পাতিলাদহাৰ ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

ছাত্ৰ নেতাজনৰ মৃত্যুত সাতদিনীয়া শোক ঘোষণা কৰিছে বঙাইগাঁও আৰু চিৰাং জিলা ছাত্ৰ সন্থাই৷ আজি কেবাঠাইতো শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ছাত্ৰনেতাগৰাকীক৷ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে বিভিন্ন দল–সংগঠনৰ নেতা৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি