உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • প্লাষ্টিকৰ মোনা বৰ্জন কৰি জৈৱবৈচিত্ৰ ৰক্ষাৰ দাবীত নগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী

    প্লাষ্টিকৰ মোনা বৰ্জন কৰি জৈৱবৈচিত্ৰ ৰক্ষাৰ দাবীত নগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী

    আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

    আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

    আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

    • Share this:
    নগাঁও জিলাত প্লাষ্টিকৰ মোনা বৰ্জন কাৰ্যকৰী কৰাৰ লগতে জিলাখনক আৱৰ্জনামুক্ত কৰাৰ দাবীত আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত পথৰ দাঁতিকে ধৰি নানা স্থানত পৃথিৱীৰ জৈৱ বৈচিত্ৰ ধ্বংস কৰি মানৱ সমাজলৈ ভাবুকি কঢ়িয়াই অনা প্লাষ্টিকৰ টোপোলা আৰু জাৱৰৰ দম সিঁচৰতি হৈ পৰিৱেশ দূষিত কৰি তুলিছে।

    বিশেষকৈ নগাঁও চহৰৰ বিভিন্ন স্থানত দ'ম হৈ থকা প্লাষ্টিকৰ টোপোলাসমূহ আঁতৰাই চহৰখন পৰিষ্কাৰ কৰাৰ লগতে আৱৰ্জনাসমূহ এক নিৰ্দিষ্ট স্থানত পেলোৱাৰ ব্যৱস্থা কৰিবলৈ জিলা ছাত্ৰ সন্থাই প্ৰশাসনৰ ওচৰত দাবী জনাই আজি উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

    আনহাতে, মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়াই নগাঁৱক শীঘ্রে আৱৰ্জনামুক্ত নকৰিলে ভাৰতবৰ্ষৰ ভিতৰতে এখন আৱৰ্জনাপূৰ্ণ জিলালৈ ৰূপান্তৰিত হ’বগৈ বুলি মন্তব্য কৰি লগতে কয় যে নগাঁও পৌৰসভাখন বৰ্তমান নিষ্ক্ৰিয় হৈ পৰাৰ বাবে নগাঁও চহৰখন আৱৰ্জনাৰে ভৰি পৰিছে। জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে কয় যে জিলা প্ৰশাসনে দিয়া প্লাষ্টিক মোনা বন্ধৰ নিৰ্দেশনা যদি কাগজে পত্ৰই লিপিৱদ্ধ হৈ থাকে আৰু তাক যদি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে এই নিৰ্দেশনা ফলপ্রসূ নহ’ব।

    পূৰ্বতেও দিয়া  প্লাষ্টিকৰ মোনা বন্ধৰ নিৰ্দেশনা মাথোঁ দুই তিনি মাহমান কাৰ্যকৰী হয় যদিও পৰৱৰ্তী সময়ত প্লাষ্টিকৰ মোনা পুনৰ সহজলভ্য হৈ পৰে বুলি নগাঁও আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে অভিযোগ কৰে। এইক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ তেওঁ প্ৰশাসনক দাবী জনায়। মানৱ শৃংখল কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়াই, সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকনৰ লগতে দুই শতাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।
    Published by:Sanjay Kumar Das
    First published: