News18 ডিজিটেলৰ বাতৰিৰ প্ৰভাৱ। বুধবাৰে News18ৰ ডিজিটেল মাধ্যমত প্ৰকাশ পাইছিল নাহৰকটীয়াৰ চাচনীৰ ২নং দলামুৰী গাঁৱৰ নিৱাসী টংকেশ্বৰ বাইলুং আৰু ৰাণু বাইলুঙৰ কন্যা নয়নমণি বাইলুং এক অচিন ৰোগত আক্ৰান্ত হোৱাৰ খবৰ। এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতই অসমৰ বিভিন্ন প্ৰান্তৰ হৃদয়বান লোকে নয়নমণিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নয়নমণিলৈ আগবঢ়াইছে সহায়ৰ হাত।
সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নিৰ্দেশত নয়নমণিৰ বাসগৃহত উপস্থিত হয় ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এটা সঁজাতী দল। কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পদক অনিল গগৈৰ নেতৃত্বত অহা দলটোৱে নয়নমণিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে লুৰিণজ্যোতি গগৈয়ে আগবঢ়োৱা ১০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰে নয়নমণিৰ পিতৃ–মাতৃৰ হাতত।
আনহাতে, অহা সোমবাৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই নয়নমণিক ডিব্ৰুগড়ৰ বিশেষজ্ঞ চিকিৎসকৰ ওচৰত উন্নত চিকিৎসা কৰাৰ লগতে অনাগত দিনত নয়নমণিক প্ৰয়োজন হোৱা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই।
একেদৰে নয়নমণিৰ স্বাস্থ্যৰ বুজ ল’বলৈ নয়নমণিৰ বাসগৃহত উপস্থিত হয় অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোঁহাই। তেওঁ অনাগত দিনত নয়নমণিৰ চিকিৎসাৰ বাবে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। ইফালে নয়নমণিক ৰাইজে কৰা মৰম–চেনেহক লৈ পিতৃ–মাতৃ আবেগিক হৈ পৰাৰ লগতে News18ৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 20, 2020, 10:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।