বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত শিংৰাপাৰা গাঁৱৰ তিনি দুৰ্ভগীয়া সন্তানে অগা পিছাকৈ হেৰুৱাইছিল নিজ পিতৃ-মাতৃক। পাঁচ মাহ পূৰ্বে মাতৃ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ পিছত পিতৃও হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। একমাত্ৰ আইতাকগৰাকীও আক্ৰান্ত দুৰাৰোগ্য কেঞ্চাৰ ৰোগত৷ যাৰ বাবে নিঃসহায় হৈ পৰিছিল বাক্সাৰ শিংৰাপাৰা গাঁৱৰ এই তিনিগৰাকী সন্তান ক্ৰমে ভাগ্যশ্ৰী দত্ত, সীমাশ্ৰী দত্ত আৰু সৌৰভ দত্ত। পিতৃ-মাতৃৰ আকস্মিক বিয়োগত তিনিওগৰাকীৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিছিল৷
এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰৰ পিছতে তিনি ভাতৃ–ভগ্নীৰ তিনিগৰাকীৰ কাষ চাপিছিল বিভিন্ন দল–সংগঠন। আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদে বাক্সা জিলা ছাত্ৰ সন্থা আৰু বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ সৈতে শিংৰাপাৰাৰ দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহত উপস্থিত হয়৷ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকগৰাকীয়ে দুৰ্ভগীয়া সন্তান তিনিটাৰ খা-খবৰ লৈ সম্পূৰ্ণ পঢ়া–শুনাৰ খৰচৰ উপৰিও বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়াম বুলি আশ্বাস প্ৰদান কৰে।
তেওঁ জানিবলৈ দিয়া মতে, বিভিন্ন সংবাদ মাধ্যমত ঘাতমাউৰা তিনি সন্তানৰ বিষয়ে জানিব পাৰি আজি জিলা ছাত্ৰ সন্থাৰ সৈতে পৰিয়ালটোত উপস্থিত হয়৷ বিশেষকৈ পিতৃ-মাতৃ অবিহনে লৰা- ছোৱালী তিনিটাই পঢ়া-শুনা কিদৰে আগুৱাই নিব সেই বিষয়ে চিন্তা- চৰ্চা কৰা হৈছে বুলি জানিব দিয়ে ৰিয়াজুদ্দিন আহমেদে৷
অৱশ্যে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকগৰাকীয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ বিষয়ে প্ৰচাৰ হোৱাৰ পিচতো আজিলৈকে প্ৰশাসনে এবাৰো খবৰ নোলোৱাতো দুৰ্ভাগ্যজনক আখ্যা দি জ্যেষ্ঠ কন্যা ভাগ্যশ্ৰী দত্তক যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰিত নিয়োগ কৰিবলৈ দাবী উত্থাপন কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|