সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া। তেওঁ কয়, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৰ কথা আছুৱে ১৯৮৬ চনৰ পৰাই কৈ আহিছে। কাৰণ জনবিন্যাস সলনি হৈছে। জনবিন্যাস সলনিয়ে খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিব নে নাই সেইলৈ প্ৰশ্ন হৈছে। ৰাজনৈতিক অধিকাৰ নাথাকিলে অসমত খিলঞ্জীয়া মানুহৰ দপদপনি নাথাকিব। এই কথাটো অনুধাৱন কৰিয়েই ১৯৮৬ চনৰ পৰা আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা কৈ আহিছিলো। বিপ্লৱ শৰ্মা নেতৃত্বাধীন কমিটীখনৰ প্ৰতিবেদনতো সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা উল্লেখ কৰা হৈছে।
সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৰ বাবে নিৰ্বাচন আয়োগ গুৱাহাটীলৈ অহা কাৰ্যক আদৰণি জনায় শংকৰ বৰুৱাই। এখন স্মাৰক পত্ৰৰ জৰিয়তে এই সকলো কথা আজি আমি নিৰ্বাচন আয়োগৰ আগত প্ৰকাশ কৰিম বুলিও তেওঁ News18 অসমৰ আগত মন্তব্য কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 27, 2023, 14:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।