মুখ্যপৃষ্ঠা »খবৰ »অসম »AASU on HSLC Exam: ‘‘মুখ্যমন্ত্ৰীয়ে ব্যৰ্থতা স্বীকাৰ কৰিলেই সকলো সমাধান নহয়’’– শংকৰজ্যোতি বৰুৱা

AASU on HSLC Exam: ‘‘মুখ্যমন্ত্ৰীয়ে ব্যৰ্থতা স্বীকাৰ কৰিলেই সকলো সমাধান নহয়’’– শংকৰজ্যোতি বৰুৱা

এই ক্ষেত্ৰত সমগ্ৰ ছেবা, শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী আৰু সামগ্ৰিকভাৱে মুখ্যমন্ত্ৰী বিফল হৈছে।

এই ক্ষেত্ৰত সমগ্ৰ ছেবা, শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী আৰু সামগ্ৰিকভাৱে মুখ্যমন্ত্ৰী বিফল হৈছে।

এই ক্ষেত্ৰত সমগ্ৰ ছেবা, শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী আৰু সামগ্ৰিকভাৱে মুখ্যমন্ত্ৰী বিফল হৈছে।

  • Share this:
মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত কালি বৃহস্পতিবাৰে সদনত মুখ্যমন্ত্ৰীয়ে এই ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ কৰে। ইয়াৰ পিছতে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মুখ্যমন্ত্ৰীলৈ এক ভিডিঅ’ পোষ্টযোগে এই সমগ্ৰ ঘটনাৰ প্ৰতি কেৱল দায়িত্ব সামৰাৰ পৰা বিৰত থাকি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। তেওঁ কয় যে, ছাত্ৰ–ছাত্ৰীৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মেট্ৰিক পৰীক্ষাৰ এই বৰ্ষৰ পৰীক্ষা তেওঁলোকৰ জীৱনৰ এক কলা অধ্যায় হৈ পৰিছে। প্ৰতিটো দিনে প্ৰশ্নকাকত ফাদিল, প্ৰশ্নকাকত ভাইৰেল আদিক লৈ ছাত্ৰ–ছাত্ৰী উদ্বিগ্ন হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰিছে। ছাত্ৰ নেতাগৰাকীয়ে কয় যে, ‘‘ছাত্ৰ–ছাত্ৰীক মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে।’’  এই ক্ষেত্ৰত সমগ্ৰ ছেবা, শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী আৰু সামগ্ৰিকভাৱে মুখ্যমন্ত্ৰী বিফল হৈছে বুলিও তেওঁ উল্লেখ কৰে।

ইয়াৰোপৰি তেওঁ কয় যে, বাজেট অধিৱেশনৰ দিনটোত মুখ্যমন্ত্ৰীয়ে বিনম্ৰভাৱে নৈতিক দায়িত্ব স্বীকাৰ কৰি ব্যৰ্থ হৈছো বুলি কৈয়ে দায়িত্ব সামৰিছে। আচলতে মুখ্যমন্ত্ৰীয়ে ব্যৰ্থতা স্বীকাৰ কৰি দায়িত্ব সামৰিলে ছাত্ৰ–ছাত্ৰীসকলে ন্যায় নাপায় বুলি ব্যক্ত কৰে। লগতে ছাত্ৰ–ছাত্ৰীসকলে কেনেকৈ ন্যায় পাব সেই বিষয়ে বৰ্তমানলৈ কোনো ব্যৱস্থা লোৱা নোহোৱাৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ প্ৰশ্ন কৰে যে কাৰ আশীসপুষ্ট হৈ ছেবাৰ অধ্যক্ষই অৱসৰৰ পাছতো আৰু পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে  এটা দশক পাৰ হোৱাৰ পাছতো পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব পালন কৰি আহিছে।

শংকৰজ্যোতি বৰুৱাই অভিযোগ কৰে যে, এইবোৰ ধনৰ লগত জড়িত এক বৃহৎ কেলেংকাৰী যিটোৰ নেতৃত্ব এই কেইজন ব্যক্তিয়ে দি আছিল। তথাপিও শিক্ষামন্ত্ৰী, ছেবাৰ অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰকগৰাকী এতিয়ালৈ তদন্তৰ আওঁতালৈ কিয় অহা নাই সেই বিষয়ে ছাত্ৰ নেতাগৰাকীয়ে প্ৰশ্ন কৰে।

মুখ্যমন্ত্ৰীয়ে ব্যৰ্থতা স্বীকাৰ কৰি দায়িত্ব সামৰিলে নহ’ব বৰঞ্চ উপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি তেওঁ অনুৰোধ জনায়। লগতে মুখ্যমন্ত্ৰীক অধ্যক্ষগৰাকী আৰু পৰীক্ষা নিয়ন্ত্ৰকক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। তেওঁ এই গোটেই সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে।

শেহতীয়া বাতৰি