মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দেৱাশীস গগৈ হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এষাৰ মাত নিদিয়াটো দুৰ্ভাগ্যজনকঃ লুৰিণজ্যোতি গগৈ

দেৱাশীস গগৈ হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এষাৰ মাত নিদিয়াটো দুৰ্ভাগ্যজনকঃ লুৰিণজ্যোতি গগৈ

News18 Assam | News18-Assam
Updated:June 6, 2020, 6:33 PM IST
দেৱাশীস গগৈ হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এষাৰ মাত নিদিয়াটো দুৰ্ভাগ্যজনকঃ লুৰিণজ্যোতি গগৈ
‘ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত আছুৱে লওক দৃঢ় পদক্ষেপ’- দেৱাশীস গগৈৰ পিতৃয়ে হাত যোৰ কৰি অনুৰোধ জনালে লুৰিণজ্যোতি গগৈক

‘ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত আছুৱে লওক দৃঢ় পদক্ষেপ’- দেৱাশীস গগৈৰ পিতৃয়ে হাত যোৰ কৰি অনুৰোধ জনালে লুৰিণজ্যোতি গগৈক

  • Share this:
মৰিয়নীৰ গাভৰুত গণহত্যাৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা দেৱাশীস গগৈৰ নকছাৰী মিল গাঁৱৰ গৃহত আছুৰ সাধৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে। ছাত্ৰ নেতাগৰাকীৰ সন্মুখত দেৱাশীসৰ পিতৃয়ে সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে। দেৱাশীসৰ পিতৃয়ে  ন্যায়ৰ যুদ্ধত আছুৰ পৰা সহায় বিচাৰে। আনহাতে নৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত আছুক দৃঢ় পদক্ষেপ লোৱাৰ আহ্বান জনাই দেৱাশীস গগৈৰ পিতৃয়ে।

বাগিচা অঞ্চলৰ ৰাইজক সচেতন কৰাত চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ যি দায়িত্ব আছে এই ক্ষেত্ৰত আছুৱে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি তেওঁ উল্লেখ কৰে। চাহ জনগোষ্ঠীয় সংগঠনৰ লগত আছুৱে আলোচনা কৰি বাগিচা অঞ্চলত এনে ঘটনা ৰোধ কৰিবৰ বাবে ৰাইজক সজাগ কৰাৰ ব্যৱস্থা লবলৈ দেৱাশীসৰ পিতৃয়ে লুৰিণজ্যোতিক অনুৰোধ জনায়।

লুৰিণজ্যোতি গগৈয়ে দেৱাশীসৰ পিতৃক আছুৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সাংবাদিকৰ সন্মুখত লুৰিণজ্যোতি গগৈয়ে দেবাশীসৰ দৰে এটা সৰু লৰাক হত্যা কৰা লোক সকল বৰ্বৰ আৰু অমানুহ বুলি আখ্যা দি এনে ঘটনাৰ লগত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী কৰে।

গণ প্ৰহাৰৰ দৰে ঘটনা ৰোধ কৰিবলৈ এখন আছুতীয়া আইনৰ প্ৰয়োজন বুলি উল্লেখ কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে দেৱাশীস হত্যাকাণ্ডৰ সন্দৰ্ভত এষাৰ মাত নিদিয়াতো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ছাত্ৰ নেতাগৰাকীয়ে। দেৱাশীস হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ'ব লাগিব বুলি দাবী কৰি চৰকাৰৰ দুৰ্বল আৰু সোপা ঢিলা ভুমিকাৰ বাবে এনে ধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হোৱা বুলি উল্লেখ কৰে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে।
First published: June 6, 2020, 6:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি