‘সাহস আছে যদি হিমন্ত বিশ্ব শৰ্মাই আছুৰ উপ শাখাৰ সদস্যৰ লগত তৰ্কত ভাগ লওক’

News18 Assam | News18-Assam
Updated:January 8, 2020, 6:19 PM IST
‘সাহস আছে যদি হিমন্ত বিশ্ব শৰ্মাই আছুৰ উপ শাখাৰ সদস্যৰ লগত তৰ্কত ভাগ লওক’
Source-Google

মন্ত্ৰী হিমন্তক তূলাধুনা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ

  • Share this:
ক্ৰমাৎ তীব্ৰতৰ হৈছে লুৰিণজ্যোতি  গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ। হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। হিমন্ত বিশ্বক তীব্ৰ সমালোচনা কৰি লুৰিণ জ্যোতিয়ে কয় যে, ‘হিমন্তই যিমানেই ডিঙিৰ শিৰ ফুলাই ফুলাই নিচিঞৰক কিয়,তেওঁ যে হতাশাত ভূগিছে সেয়া অসমৰ জনতাই ভালকৈ জানে। হিমন্তই যিমানেই চেষ্টা কৰিছে সিমানেই লক্ষ্যত উপনীত হব পৰা নাই, ৫২ জনকৈ বিধায়কৰ স্বাক্ষৰ লৈয়ো মুখ্যমন্ত্ৰী হব নোৱাৰিলে।গতিকে হতাশ হোৱাটো স্বাভাৱিক।’



সংবাদমেলত বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে মুখ্যমন্ত্ৰীক সম্বোধন কৰাক লৈ প্ৰশ্ন কৰাৰ লগতে আন্দোলনৰ নামত প্ৰতিবাদকাৰীয়ে শালীনতাৰ সকলো সীমা চেৰাই গৈছে বুলি কটাক্ষ কৰিছিল। তাৰ প্ৰত্যুত্তৰত লুৰিণজ্যোতি গগৈয়ে কয় যে  শিষ্টাচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্বৰ পৰা লুৰিণজ্যোতিয়ে নিশিকে।শিষ্টাচাৰ যদি শিকিব লাগে অসমৰ জনতাৰ পৰা লুৰিজ্যোতিয়ে শিকিব।বিজেপি মন্ত্ৰী বিধায়কে ডনবস্কত পঢ়িব পাৰে।লুৰিণজ্যোতিয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি ক’ত কি ব্যাকৰণ ব্যৱহাৰ কৰিব লাগে সেয়া ভালকে শিকিছে মন্তব্য কৰে।

হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ প্ৰত্যাহ্বান জনাই আছুৰ সাধাৰণ সম্পাদকজনে কয় যে, ‘বাকী বোৰৰ কথা নকওৱেই, যদি হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে তেন্তে ছাত্ৰ সন্থাৰ উপ শাখাৰ  লগত তৰ্কত অংশগ্ৰহণ কৰক।’

হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰা প্ৰসংগতো লুৰিণজ্যোতিয়ে কৰে বিশেষ মন্তব্য, ‘তিহাৰ জেলত যোৱাৰ ভয়ত বিজেপিত যোগদান কৰিলে হিমন্ত বিশ্বই। আছু, আলফা, ছালফা, কংগ্ৰেছ, বিজেপি কৰা হিমন্তই কাইলৈ যে এ আই ইউ ডি এফত যোগ দিব সেয়া ১০০ শতাংশ নিশ্চিত।’
আৰু চাওক
পৰৱৰ্তী বাতৰি