‘আশা কৰিম যাতে ছাত্ৰ সন্থাই...’, আছুৰ পৰা বিদায়ক্ষণত লুৰিণজ্যোতি গগৈয়ে কি ক’লে? পুনৰ মুখ্য উপদেষ্টাৰ দায়িত্ব গ্ৰহণ ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

News18 Assam | News18-Assam
Updated:November 30, 2020, 9:15 PM IST
‘আশা কৰিম যাতে ছাত্ৰ সন্থাই...’, আছুৰ পৰা বিদায়ক্ষণত লুৰিণজ্যোতি গগৈয়ে কি ক’লে? পুনৰ মুখ্য উপদেষ্টাৰ দায়িত্ব গ্ৰহণ ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

  • Share this:
আজি সদৌ অসম ছাত্ৰ সন্থাৰ নৱগঠিত ৰাজ্যিক কার্যনির্বাহকক দায়িত্বভাৰ অর্পণ আৰু শপত গ্ৰহণ অনুষ্ঠানত আছুৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ যথেষ্ট আৱেগিক হৈ পৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰসন্ন নাৰায়ণ চৌধুৰী ছাত্ৰ জিৰণি কোঠাত আছুৰ ন–পুৰণি সকলো বিষয়ববীয়াৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ শ্বহীদ বেদীত শ্ৰদ্ধা জনাই আয়োজন কৰা অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সমিতিৰ নৱ নির্বাচিত সকলো বিষয়ববীয়াক চিনাকী সম্বৰ্ধনা জনোৱা হয়। নতুন কাৰ্যকালৰ বাবে দায়িত্ব গ্ৰহণ কৰি সভাপতি দীপাংক নাথে পুৰণি সতীৰ্থ সকলৰ যথেষ্ঠ ত্যাগ থকাৰ কথা সোঁৱৰণ কৰে। দুলীয়াজান অধিৱেশন সফল কৰাৰ কাৰণে লুৰিণজ্যোতি, শংকৰ বৰুৱা আৰু ডিব্ৰুগড় ছাত্ৰ সন্থাক ধন্যবাদ জনায় সভাপতিয়ে। তেওঁ কয়, ‘আমি পুৰণি কাৰ্যকালত ৮ টাকৈ গোচৰ চলাই গৈছিলো। এই নতুন কমিতিয়েও সেই গোচৰ চলাই যাব লাগিব। আমি কা’ৰ বিৰুদ্ধে সংগ্ৰাম কৰি যাব লাগিব। কা’ আন্দোলনৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনাইছো। আমি ছাত্ৰ ছাত্ৰীৰ শিক্ষা বিষয়টো ভালকৈ চাব লাগিব। কাৰণ ক’ভিডৰ বাবে এতিয়াও সম্পূৰ্ণৰূপে শিক্ষানুষ্ঠান খোলা নাই।’

লুৰিণজ্যোতি গগৈৰ অৱদানৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি নতুন সাধাৰণ সম্পাদক শংকৰ বৰুৱাই কয়, ‘তেওঁৰ যথেষ্ট ত্যাগ আছে। তেওঁৰ এই ত্যাগৰ বাবে মই ধন্যবাদ জনাইছো। লুৰিণজ্যোতি গগৈৰ নতুন জীৱনলৈ শুভকামনা থাকিল। তেওঁক ৰাইজে আঁকোৱালি লব বুলি মই আশা কৰিলো।’

ছাত্ৰ সন্থাৰ পৰা বিদায় লোৱাৰ ক্ষণত আৱেগিক লুৰিণজ্যোতি গগৈয়ে ভাষণ প্ৰসংগত কয়, ‘বিদায় ক্ষণত মই এটাই কথা কওঁ মোৰ বাট এটাই, ছাত্ৰ সন্থাৰ মজিয়াত থাকোতে মোৰ বাট আছিল আপোচবিহীন। এতিয়াও মোৰ বাট আপোচবিহীন। মোৰ নীতি আদৰ্শ,দৃষ্টিভংগীৰ পৰা মই কেতিয়াও বিচলিত নহও। মই যদি ভুল কৰো আৰু বিশ্বাস হেৰুৱাও তাৰ সমালোচনা কৰাৰ অধিকাৰ থাকিব ছাত্ৰ সন্থাৰ। মই যতে নাথাকো কিয় জাতীয় সত্তাৰ বাবে মই কাম কৰিম। মই আশা কৰিম ছাত্ৰ সন্থা দিল্লীৰ বহতিয়া নহ’ব। পূৰ্বৰ দৰে নিজা স্বাভিমান ৰাখিব। দিল্লীৰ কথা মতে কোনো কাম নকৰিব।’

লগতে তেওঁ নিজৰ কাৰ্যকালৰ কথা সুঁৱৰি কয়,‘পূৰ্বে এটা বেৰ আছিল যে সভাপতি-সম্পাদকৰ লগত তৃণমূল পৰ্যায়ৰ সদস্যই পোনপটীয়াকৈ কথা পাতিব নোৱাৰিব। কিন্তু মই সেই বেৰ ভাঙি দিছিলো। মোৰ দুৱাৰ সকলো বাবে খুলি দিছিলোঁ। মই প্ৰায় সকলো তৃণমূল সদস্য লগত যোগাযোগ ৰাখিছিলো।’

আনহাতে এই অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ দায়িত্ব আকৌ গ্ৰহণ কৰে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
First published: November 30, 2020, 9:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading