‘চালানী নেতাৰ কথাক আমি গুৰুত্ব নিদিও’-মেধা পাটেকাৰ-সন্দীপ পাণ্ডেক প্ৰত্যুত্তৰ আছুৰ

News18 Assam | News18-Assam
Updated:February 20, 2020, 5:05 PM IST
‘চালানী নেতাৰ কথাক আমি গুৰুত্ব নিদিও’-মেধা পাটেকাৰ-সন্দীপ পাণ্ডেক প্ৰত্যুত্তৰ আছুৰ
চৰকাৰী এজেন্ট হৈ অসমলৈ আহিছিল দুয়োগৰাকীঃ লুৰিণজ্যোতি গগৈ

চৰকাৰী এজেন্ট হৈ অসমলৈ আহিছিল দুয়োগৰাকীঃ লুৰিণজ্যোতি গগৈ

  • Share this:
সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে মেধা পাটেকাৰ, সন্দীপ পাণ্ডেই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৷ দুয়োগৰাকী সমাজকৰ্মীৰ বক্তব্যক চোকা সমালোচনা কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ মন্তব্য, ‘অসম সম্পৰ্কে তিলমানো জ্ঞান নথকা চালানী নেতাৰ কথাক আমি গুৰুত্ব নিদিও ৷ অসম আৰু অসমীয়াৰ অভিভাৱক হবলৈ তেওঁলোকে চেষ্টা নকৰাই ভাল ৷ আমি 'কা'ৰ বিৰুদ্ধে আন্দোলন কৰি থকাৰ কথা তেওঁলোকে নাজানেই ৷ এজন বিশেষ ব্যক্তিক জেলত সাক্ষাৎ কৰি আহি তেওঁলোকে এনে মন্তব্য কৰাটোৱে প্ৰমাণ কৰিছে বিশেষ এজেণ্ডা লৈ তেওঁলোক আহিছিল৷’

আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘চৰকাৰী এজেণ্ট হৈ অসমলৈ আহিছিল দুয়োগৰাকী।’ মেধা পাটেকাৰ, সন্দীপ পাণ্ডেক চৰকাৰৰ দালাল আখ্যা দি নৰ্মাদা বচাও আন্দোলন, লোকপাল আন্দোলন কি হ'ল বুলিও প্ৰশ্নৰ অৱতাৰণা কৰে লুৰিণজ্যোতি গগৈয়ে ৷

'কা' আন্দোলনত কৃষক মুক্তিৰ দৰে আছুৱে কিয় আন্দোলন কৰিব পৰা নাই বুলি মেধা পাটেকাৰ আৰু সন্দীপ পাণ্ডে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত সাধাৰণ সম্পাদকগৰাকীৰ পুনৰ মন্তব্য, ‘আন্দোলনটো বিপথে পৰিচালিত কৰাৰ আঁৰত কোন জড়িত সেয়া কালি স্পষ্ট হৈ গ'ল৷’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading