உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'এইবাৰ কা আন্দোলন অসম নহয়, উত্তৰ-পূৱকেন্দ্ৰিক হ'ব, ল'ৰা-ছোৱালীয়ে পঢ়িবও, আন্দোলনো কৰিব'- সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

    'এইবাৰ কা আন্দোলন অসম নহয়, উত্তৰ-পূৱকেন্দ্ৰিক হ'ব, ল'ৰা-ছোৱালীয়ে পঢ়িবও, আন্দোলনো কৰিব'- সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

    ৰাজ্যত আকৌ আৰম্ভ হ'ব নেকি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন?

    ৰাজ্যত আকৌ আৰম্ভ হ'ব নেকি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন?

    ৰাজ্যত আকৌ আৰম্ভ হ'ব নেকি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন?

    • Share this:
    ৰাজ্যত আকৌ আৰম্ভ হ'ব নেকি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন? শনিবাৰৰ পৰা আকৌ আছুসহ একাংশ দল সংগঠন ৰাজপথলৈ ওলাই আহিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে। তাৰ মাজতে দেওবাৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদমেল সম্বোধন কৰে।

    'সাতখন জিলাত বিদেশী বহিস্কাৰ হ'ব কিন্তু অন্য জিলাত নহয়।এয়া কেনেকুৱা কথা?
    এয়া এক অন্যায়,এই অন্যায় নচলিব। আন্দোলন হ'ব আৰু লৰা-ছোৱালী পঢ়িব আৰু আন্দোলনো কৰিব। এয়া আমাৰ নীতি আছিল। কিন্তু আন্দোলন আৰম্ভ হোৱাৰ সময়তে কোভিড লকডাউন,পৰীক্ষা আদিৰ বাবে স্থৱিৰ হৈছিল। আন্দোলন আৰম্ভ হৈছে আৰু হ'বই।
    জুইকোৰা এতিয়াও জ্বলি আছে।'- এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।

    ভট্টাচাৰ্যই লগতে কয় যে, ' কা আন্দোলন অসম নহয়, উত্তৰ পূব কেন্দ্ৰিক হ'ব।
    আমি অহিংসাৰ পক্ষত। ৰাজপথৰ আন্দোলন খেল পথাৰত সোমাই দিয়া কথাটো এক অপ্ৰচাৰ চলাইছে। ৰাজপথৰ আন্দোলন ৰাজপথত হ'ব,খেলপথাৰৰ আন্দোলন খেলপথাৰত হ'ব। আন্দোলনটো সাংস্কৃতিক আন্দোলন হৈছে নেকি বহুতৰে প্ৰশ্ন। অহিংস আন্দোলন আগুৱাই নিয়াত সাংস্কৃতি আন্দোলন শক্তিশালী কৰাৰ মাধ্যম। এনেকুৱা অপ্ৰচাৰ চলাব নাপায়। পূৰ্বৰ পৰাই বিশিষ্ট শিল্পী সকলে সাংস্কৃতিৰ মাজেৰে আন্দোলন কৰি গৈছিল।'

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: