মুখ্যপৃষ্ঠা »খবৰ »অসম »নলবাৰীত অনুষ্ঠিত ৩৩ সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ আজি অন্তিম দিন; স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানত মাতৃভাষা, এনআৰচি সংক্ৰান্তত বিশেষ মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

নলবাৰীত অনুষ্ঠিত ৩৩ সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ আজি অন্তিম দিন; স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানত মাতৃভাষা, এনআৰচি সংক্ৰান্তত বিশেষ মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

পূৰ্বৰ দৰেই মাধ্যম একেই ৰাখি চৰকাৰী শিক্ষানুষ্ঠানত ইংৰাজী ভাষা ভালকৈ শিকাব লাগে– ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

পূৰ্বৰ দৰেই মাধ্যম একেই ৰাখি চৰকাৰী শিক্ষানুষ্ঠানত ইংৰাজী ভাষা ভালকৈ শিকাব লাগে– ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

পূৰ্বৰ দৰেই মাধ্যম একেই ৰাখি চৰকাৰী শিক্ষানুষ্ঠানত ইংৰাজী ভাষা ভালকৈ শিকাব লাগে– ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

  • Share this:
নলবাৰী নাট্যমন্দিৰত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ ৩৩ সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাৰ স্মৃতিগ্ৰন্থ উন্মোচনত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অপেচাদাৰী নাটকৰ উন্নয়নৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত নাট্য প্ৰতিস্থান স্থাপন হ’ব লাগে বুলি দাবী কৰে। লগতে অপেচাদাৰী নাট্যদলৰ বাবে চৰকাৰে আৰ্থিক সাহাৰ্য্য আগবঢ়াব লাগে বুলিও উল্লেখ কৰে।

তেওঁ কয়, ‘‘নাটক আমাৰ বাবে সমাজ সংস্কাৰৰ বাহক।’’ মাধ্যম আন্দোলনৰ ফলতেই অসমত শৈক্ষিক বিকাশ হৈছে বুলি মন্তব্য কৰি ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে পূৰ্বৰ দৰেই মাধ্যম একেই ৰাখি চৰকাৰী শিক্ষানুষ্ঠানত ইংৰাজী ভাষা ভালকৈ শিকাব লাগে। মাধ্যম সন্দৰ্ভত সংকট আঁতৰা নাই বুলি মন্তব্য কৰি জাতিটোৰ ভৱিষ্যতৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা মাতৃভাষা আঁতৰ নকৰাটো ভাল বুলি ব্যক্ত কৰে। ইয়াৰোপৰি, জাতিৰ সুৰক্ষাৰ দলিলস্বৰূপ এনআৰচি সম্পৰ্কতো মন্তব্য কৰে ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। এনআৰচি সম্পৰ্কত কৰা কেলেংকাৰীৰ লগত জড়িতসকলক শীঘ্ৰেই দৃষ্টান্তমূলক শাস্তি দিয়াৰো দাবী উত্থাপন কৰে ছাত্ৰনেতাগৰাকীয়ে। অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত সমষ্টি পুনৰ গঠন হ’ব লাগে বুলি মন্তব্য কৰি সৰ্বকালৰ বাবে সমষ্টি খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰাৰ আহ্বান জনায় আছুৰ উপদেষ্টাজনৰ।

উল্লেখযোগ্য যে, নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ দ্বিতীয় দিনৰ উদ্ধোধনী অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং, চিকিৎসক ডাঃ শুভ্ৰকিংকৰ গোস্বামীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত অসমৰ ভিন্ন প্ৰান্তৰ ২১ টা নাট্যদলে নাট অভিনয় কৰিব।

শেহতীয়া বাতৰি