ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম ইংৰাজী কৰাক লৈ সদৌ অসম ছাত্ৰ সন্থাই আজি সংবাদমেল সম্বোধন কৰে। ৰাজ্য চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আজিৰ সংবাদমেলত প্ৰকাশ কৰে।
আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– ''আইৰ মুখৰ ভাষা নিঃশেষ কৰাৰ বাবে চৰকাৰৰ ষড়যন্ত্ৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাতৃভাষা ভাল নাপায়। নিজ মাতৃভাষাক ভাল নোপোৱাজনে নিজ মাতৃভূমিক ভাল নাপায়। ৰাজ্যিক বোৰ্ডক নিঃশেষ কৰি কেন্দ্ৰীয় বোৰ্ডৰ অধীনলৈ বিদ্যালয়সমূহ নিয়াৰ লক্ষ্য লৈছে চৰকাৰে।''
বৰুৱাই লগতে কয়– ''এই বিষয়টো চৰকাৰে দমন কৰিবলৈ চেষ্টা কৰিব, ১৪৪ ধাৰা দিবলৈ চেষ্টা কৰিব, কিন্তু আমি এয়া ওফৰাব লাগিব।''
বৰুৱাই অসমীয়া মাধ্যমত পঢ়িলে শিক্ষাৰ্থীৰ ভৱিষ্যৎ সুৰক্ষিত নহয় বুলি কোৱাটো চৰকাৰৰ এক প্ৰপাগণ্ডা বুলি উল্লেখ কৰে।
আনহাতে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টচাৰ্যই কয়– ''চৰকাৰৰ আকোৰগোঁজ স্থিতি ইংৰাজী মাধ্যমক লৈ, ইয়াৰ বিৰুদ্ধে ইতিমধ্যে দাবী উত্থাপন কৰা হৈছে। কিন্তু ইমান দাবীৰ পিছতো আজিলৈ সিদ্ধান্ত সলনি কৰাৰ বিপৰীতে চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা গণিত, বিজ্ঞান বিষয় ইংৰাজী ভাষাৰ পাঠ্যক্ৰম বিতৰণ কৰিছে। আমাৰ দাবী, আহ্বান, পৰামৰ্শ– চৰকাৰে মাধ্যমত হাত দিব নালাগে।'' কিন্তু চৰকাৰে এই দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিয়াৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ সন্থাই আৰম্ভ কৰিবলগীয়া আন্দোলন শিক্ষাৰ্থীৰ শিক্ষাত আঁচোৰ নপৰাকৈ চলিব বুলি তেওঁ প্ৰকাশ কৰে। ভট্টাচাৰ্যই কয়– আমি আমাৰ ফলাফল নোপোৱালৈ আন্দোলন চলাই যাম।
উল্লেখ্য, আজি ঘোষণা কৰা অনুসৰি, ২৮ মে'ৰ পৰা ধাৰাবাহিক কাৰ্যসূচী গ্ৰহণ কৰিব ছাত্ৰ সংগঠনটোৱে। কাৰ্যসূচী অনুসৰি, ২৮ মে' তাৰিখে অসমৰ শিক্ষক সংগঠনৰ স'তে আলোচনা, ৩১ মে'ত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী, প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত কৰিব এই কাৰ্যসূচী৷ ৬ জুনত গুৱাহাটীত গণ সত্যাগ্ৰহ কাৰ্যসূচী, ৮ৰ পৰা ১৪ জুনলৈ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত জনসজাগতামূলক কাৰ্যসূচী। ১৫ জুনত জিলা সদৰত বিক্ষোভ কাৰ্যসূচী। ২৪ জুনত চাইকেল শোভাযাত্ৰা প্ৰতিখন মহকুমা ছাত্ৰ সন্থাৰ। ২৭ জুনত গুৱাহাটীত শৈক্ষিক সভা। ছাত্ৰ সন্থাৰ শেষ কথা– ইংৰাজী মাধ্যমৰ পাঠ্যক্ৰম অসমীয়া মাধ্যম নকৰা পৰ্যন্ত ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদ অব্যাহত ৰাখিব।
Published by: Gautam Barman
FIRST PUBLISHED : May 26, 2023, 19:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।