বুধবাৰে অসম চুক্তিৰ ৫নং দফাক লৈ আলোচনাত বহিল অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা ৷ আলোচনাৰ পিছতে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী (assam accord-implementation ministers) অতুল বৰাই সংবাদ মাধ্যমক সম্বোধন কৰি কয়–
"ঐতিহাসিক অসম চুক্তিৰ দফাসমূহ সম্পূৰ্ণ ঐকান্তিক আৰু সদিচ্ছাৰে ৰূপায়ণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ মিত্ৰজোঁটৰ চৰকাৰ বদ্ধপৰিকৰ। অসম চুক্তিৰ দফাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ লক্ষ্যৰে যোৱা ৭ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকতে চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যে মোৰ অধ্যক্ষতাত এখন উপ-সমিতি গঠন কৰা হৈছিল। সেই অনুসৰি প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে উপ-সমিতিৰ একোখনকৈ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। সেইমৰ্মে আজি গুৱাহাটীৰ জনতা ভৱনত উপ-সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰা হয়।''
তেওঁ পুনৰ কয়– ''আজিৰ সভাত মূলতঃ ঐতিহাসিক অসম চুক্তিৰ ৫নং দফা (assam accord clause 5)ৰ লগতে বহুকেইটা বিষয় সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। সভাত সীমান্তৰ দ্বিতীয় শাৰীৰ প্ৰতিৰক্ষা অধিক কটকটীয়া কৰা, বিদেশী সমস্যা সমাধান তথা বিদেশীৰ সৈতে জড়িত প্ৰশাসনিক ব্যৱস্থাটো শক্তিশালী আৰু আসোঁৱাহমুক্ত কৰা, এনআৰচিক বিদেশী নামমুক্ত কৰা, বিদেশী ন্যায়াধীকৰণসমূহ শক্তিশালী কৰা, বিদেশীৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হোৱা আদি বহুতো গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰোঁ। ইয়াৰোপৰি এনআৰচিৰ পুনৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি মহামান্য উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই দিয়া পৰামৰ্শ সন্দৰ্ভতো আলোচনা কৰোঁ। অসমীয়া জাতিৰ স্বাভিমান জড়িত অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে আমি একাগ্ৰতা আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে কাম কৰি যাম।"
বুুুুুুধবাৰৰ এই সভাত উপস্থিত আছিল উপ-সমিতিখনৰ সদস্যসকল ক্ৰমে মন্ত্ৰী অজন্তা নেওগ, পীয়ূষ হাজৰিকা, আছু (AASU)ৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপজ্যোতি গগৈ। লগতে উপস্থিত আছিল বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ আগৰৱালা, অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত-সচিব জ্ঞানেন্দ্ৰ ত্ৰিপাঠী, গৃহ-ৰাজনৈতিক বিভাগৰ সচিব দিগন্ত বৰা, অসম চুক্তি ৰূপায়ণ বিভাগৰ অতিৰিক্ত সচিব জি এছ পানেচাৰ, বিশেষ কৰ্তব্যৰত বিষয়া জয়ন্ত কুমাৰ গোস্বামী, উপ-সচিব কে চি বেজবৰুৱা, উপ সচিব সুজাতা সচিব্ৰতা, অৱৰ সচিব বি পি দেউৰী, প্ৰমুখ্যে অন্যান্য বিষয়াসকল ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|