অগপ ব্যৰ্থ! ফেব্ৰুৱাৰীত আছুৱে জন্ম দিব দ্বিতীয়টো ৰাজনৈতিক দল!

News18 Assam | News18-Assam
Updated:January 16, 2020, 12:19 PM IST
অগপ ব্যৰ্থ! ফেব্ৰুৱাৰীত আছুৱে জন্ম দিব দ্বিতীয়টো ৰাজনৈতিক দল!
দুজনকৈ মুখ্যমন্ত্ৰী, দুই ডজনৰো অধিক ৰাজনৈতিক নেতা, মন্ত্ৰী সৃষ্টি হোৱা আছুৰ মজিয়াৰ পৰা ওলাব ‘বিকল্প শক্তি’।

দুজনকৈ মুখ্যমন্ত্ৰী, দুই ডজনৰো অধিক ৰাজনৈতিক নেতা, মন্ত্ৰী সৃষ্টি হোৱা আছুৰ মজিয়াৰ পৰা ওলাব ‘বিকল্প শক্তি’।

  • Share this:
দীঘলীয়া সংগ্ৰামৰ অভিজ্ঞতাৰে পুষ্ট সদৌ অসম ছাত্ৰ সন্থাৰ বুকুৰ পৰা খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ একালত জন্ম হৈছিল অসম গণ পৰিষদৰ। সেই অগপই দুবাৰকৈ শাসনৰ গাদীত বহাৰ পিছতো অসমৰ বিদেশী অনুপ্ৰৱেশৰ সমস্যা একেধৰণেই থাকিল, অসম চুক্তিৰ একোকে কাৰ্যকৰী নহ’ল। লাহে লাহে গণভিত্তি হেৰুৱাই পেলোৱা অগপই কোনোমতে প্ৰৱল ৰাষ্ট্ৰীয়তাবাদী ঢৌৰ সৃষ্টি কৰা ভাৰতীয় জনতা পাৰ্টীৰ গাত ভৰ দি শাসনৰ সোৱাদ লৈ আছে যদিও অসমীয়া জাতিধ্বংসী আখ্যা দিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত আশ্ৰয় লৈছে ভেকোভাওনা আৰু দুমুখীয়া নীতিৰ। সংসদত বিধেয়কৰ সপক্ষে ভোট দিয়া আঞ্চলিক দলটোৱে ন্যায়ালয়ত আইনখনৰ বিৰোধ কৰাৰ ‘নাটক’ অসমীয়াই সহজে গ্ৰহণ কৰা নাই। অসমক কোনে তৰিব? কোনে খিলঞ্জীয়াৰ আৱেগ–অনুভূতিক ৰক্ষা কৰি অসমক দশক দশক ধৰি দহন কৰা জ্বলন্ত সমস্যা সমাধান কৰিব আৰু এক স্থায়ী সমাধান দিব? মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে লোৱা সৱল স্থিতিৰ নেতৃত্ব অসমে কেতিয়া দেখিবলৈ পাব? এইবোৰ প্ৰশ্ন বিভিন্ন মাধ্যমত অসমীয়াই কৰিছে, আৰু ‘কা’ বিৰোধী আন্দোলনৰ মাজতে বিকল্প ৰাজনৈতিক দল গঠনৰ কুচকাৱাজো চলিছিল। জুবিন গাৰ্গৰ পৰা সদৌ অসম ছাত্ৰ সন্থা সকলোৱে অসমত এটা জাতীয়তাবাদী চেতনাৰে উদ্ভাসিত আঞ্চলিক ৰাজনৈতিক দল গঠনৰ পোষকতা কৰিছিল।

ভোগালী বিহুৰ দিনাই গোৱালপাৰাত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে নতুন ৰাজনৈতিক দল গঠনৰ পদক্ষেপ ফেব্ৰুৱাৰি মাহৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰে।

‘অসমৰ মানুহে বিকল্প ৰাজনৈতিক শক্তিৰ কথা কৈ আছে আৰু আমি ফেব্ৰুৱাৰি মাহৰ পিছত এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাম’, নাথে গোৱালপাৰাত এই মন্তব্য কৰে।

মাঘ বিহুৰ দিনাই আছুৱে ৰাজ্যজুৰি বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনখনৰ প্ৰতিলিপি মেজিৰ জুইত দাহ কৰি ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ অসম ছাত্ৰ সন্থাই আকৌ এটা ৰাজনৈতিক দল গঠনৰ ঘোষণা কৰাৰ পিছতে প্ৰাসংগিক হৈছে বিভিন্ন কথা। ঐতিহাসিক অসম আন্দোলনৰ পিছতে আছুৱে ১৯৮৫ চনত অসম গণ পৰিষদ (অগপ)ৰ জন্ম দিছিল। অসমত দুবাৰকৈ শাসনত আছিল অগপ। কিন্তু দলটোৱে অবৈধ বাংলাদেশীক চিনাক্ত কৰি বহিস্কাৰ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছিল।

কেৱল অগপই নহয় আছুৱে অসমত বিগত তিনিটা দশক ধৰি বিভিন্ন ৰাজনৈতিক নেতাৰ জন্ম দি আহিছে। এই কালছোৱাতে ছাত্ৰ সংগঠনটোৱে জন্ম দিছে দুজনকৈ মুখ্য মন্ত্ৰী- প্ৰফুল্ল কুমাৰ মহন্ত আৰু সৰ্বানন্দ সোণোৱাল। দুজনকৈ মুখ্যমন্ত্ৰীৰ লগতে আছুৱে সৃষ্টি কৰিছে দুই ডজনতকৈও অধিক নেতা। আছুৰ প্ৰাক্তন নেতাই অগপ, বিজেপিৰ লগতে কংগ্ৰেছৰ শাসন কালত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। অগপ গঠনৰ ৩৫ বছৰ পাছত আছুৱে অসমত বিজেপিৰ কা সন্দৰ্ভত স্থিতি দেখি ৰাজনৈতিক পট পৰিৱৰ্তনৰ পোষকতা কৰিছে।

‘কাৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে এক বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজনবোধ কৰিছে বুদ্ধিজীৱি আৰু শিল্পীসমাজে’। নাথে লগতে কয় যে অসমৰ ৰাইজে ‘কা’ৰ বিৰোধিতা কৰিছে কিন্তু ৰাজ্য চৰকাৰ আৰু তেওঁলোকৰ সহযোগীসকলে নতুন দিল্লীৰ হেচাত আত্মসমৰ্পণ কৰি আইনখন বলপূৰ্বকভাৱে আমাক জাপি দিব বিচাৰিছে।

 

উল্লেখযোগ্য যে শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই পৰৱৰ্তী বৈঠকত মিলিত হৈ পৰৱৰ্তী কাৰ্যপন্থা আগুৱাই নিয়াৰ পৰিকল্পনা কৰিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি