‘ঘৰে ঘৰে আমি’- শ্লোগানেৰে আছু-AJYCPৰ গৰ্ভত অংকুৰিত হ'ল ‘অসম জাতীয় পৰিষদ’

File Photo
জগদীশ ভূঞাক দিয়া হৈছে সমন্বয়কৰ দায়িত্ব
- News18 Assam
- Last Updated: September 14, 2020, 12:09 PM IST
ইতিমধ্যে নতুন আঞ্চলিক দলটোৱে আৰম্ভ কৰিছে ২৫ খন জিলা সমিতি গঠনৰ প্ৰক্ৰিয়া। আৰম্ভ হৈছে সাংগঠনিক কাম-কাজ। ৰাজু ফুকনক গোলাঘাট, যোৰহাট,শিৱসাগৰৰ দায়িত্ব দিয়া হৈছে। সেইদৰে চিত্তৰঞ্জন বসুমতাৰীক জোনাই, ধেমাজি, লখিমপুৰৰ দায়িত্ব দিয়া হৈছে। প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা হ’ব সমন্বয়ক। কোনখন জিলাত কাক দায়িত্ব দিয়া আছে সেই সন্দৰ্ভত আজি আবেলি তালিকা প্ৰকাশ কৰা হ’ব।
নতুন ৰাজনৈতিক দলটোৰ সকলো প্ৰক্ৰিয়া ৩০ অক্টোবৰৰ ভিতৰত সম্পন্ন কৰা হ’ব। মঙলবাৰৰ পৰা আৰম্ভ হ’ব সদস্য ভৰ্তিৰ প্ৰক্ৰিয়া। কোভিডৰ নিয়ম মানি চলিব লাগিব যিকোনো সভা-সমিতি অনুষ্ঠিত কৰাৰ সময়ত। নৱেম্বৰৰ অধিবেশনত ৰাজ্যিক পূৰ্ণাংগ কমিটী গঠন কৰা হ’ব। বৰ্তমান আহ্বায়ক কমিটীত ১৭ জন সদস্য আছে। এই সদস্যৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।