• Home
  • »
  • News
  • »
  • assam
  • »
  • ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ বৃদ্ধি হ’ব নেকি শিক্ষাবৰ্ষ? ছেবালৈ বিশেষ পৰামৰ্শ আছুৰ

১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ বৃদ্ধি হ’ব নেকি শিক্ষাবৰ্ষ? ছেবালৈ বিশেষ পৰামৰ্শ আছুৰ

আগন্তুক শিক্ষাবর্ষ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে বৃদ্ধি কৰাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰিছিল জাননী

আগন্তুক শিক্ষাবর্ষ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে বৃদ্ধি কৰাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰিছিল জাননী

আগন্তুক শিক্ষাবর্ষ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে বৃদ্ধি কৰাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰিছিল জাননী

  • Share this:
আগন্তুক শিক্ষাবর্ষ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে বৃদ্ধি কৰাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰিছিল জাননী। তাৰ পৰিপ্ৰেক্ষিতত  বৃহস্পতিবাৰে ছেবা কাৰ্যালয়ত মতামত আগবঢ়াবলৈ উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল।

আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা দলটোত আছিল সভাপতি দীপাংক কুমাৰ নাথকে ধৰি কেইবাগাৰকী লোক। ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনক সাক্ষাৎ কৰি ছাত্ৰ সন্থাই আগবঢ়াই নিজৰ দৃষ্টিভংগী।

শিক্ষাবৰ্ষ বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰতিনিধি দলটোৱে কয় যে,

  • কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতকলৈ অসমৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সমাজৰ লগতে ছাত্ৰ সন্থা উদ্বিগ্ন।

  • অসমৰ শিক্ষাৰ্থীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত হ’বই লাগিব। সাম্প্ৰতিক পৰিস্থিতিত ক্ষতি হ’ব নালাগে ছাত্ৰ-ছাত্ৰীৰ মূল্যবান শিক্ষাবৰ্ষ।

  •  পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত চৰকাৰী বন্ধ হ্ৰাস কৰি কৰ্মদিন বৃদ্ধি কৰা উচিত। দেওবাৰেও ছাত্ৰ-ছাত্ৰীৰ পাঠদান হোৱাটো উচিত বুলি মতপোষণ কৰে সদৌ অসম ছাত্ৰ সন্থাই।

  • লগতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰটোতেই নিৰ্ধাৰিত পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ নীতি শিথিল কৰাৰ উপাই উদ্ভাৱন কৰা উচিত বুলিও মন্তব্য কৰে আছুৰ দলটোৱে।


 অসমৰ সামাজিক পটভূমি আৰু প্ৰাকৃতিক পৰিৱেশৰ আধাৰত সকলো কথা বিশদ ভাবে আলোচনা কৰাৰ পিছত ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ শিক্ষাবৰ্ষ কাৰ্যকৰী হোৱা উচিত বুলি ছাত্ৰ সন্থাই মত প্ৰকাশ কৰিছে।
First published: