• Home
  • »
  • News
  • »
  • assam
  • »
  • সন্মুখ সমৰত আছু– ABVP! ডিব্ৰুগড়ত আছুৰ বিৰুদ্ধে ABVP ৰ প্ৰতিবাদ

সন্মুখ সমৰত আছু– ABVP! ডিব্ৰুগড়ত আছুৰ বিৰুদ্ধে ABVP ৰ প্ৰতিবাদ

সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দুয়োটা ছাত্ৰ সংগঠনৰ মাজত নিৰ্বাচন কেন্দ্ৰীক সংঘাতৰ সূত্ৰপাত হৈছিল

সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দুয়োটা ছাত্ৰ সংগঠনৰ মাজত নিৰ্বাচন কেন্দ্ৰীক সংঘাতৰ সূত্ৰপাত হৈছিল

সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দুয়োটা ছাত্ৰ সংগঠনৰ মাজত নিৰ্বাচন কেন্দ্ৰীক সংঘাতৰ সূত্ৰপাত হৈছিল

  • Share this:
    ৰাজনৈতিক দল নহয়, এইবাৰ সন্মুখ সমৰত অৱতীৰ্ণ হৈছে ৰাজ্যৰ দুটা ছাত্ৰ সংগঠন। ডিব্ৰুগড়ত আছু কৰ্মীয়ে অখীল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মীক প্ৰহাৰ কৰাৰ  অভিযোগত শনিবাৰে সংগঠনটোৱে আছুৰ বিৰুদ্ধে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত এক প্ৰতিবাদী ৰেলী উলিয়ায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছু কৰ্মীয়ে এবিভিপিৰ কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

    সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দুয়োটা ছাত্ৰ সংগঠনৰ মাজত নিৰ্বাচন কেন্দ্ৰীক সংঘাতৰ সূত্ৰপাত হয়। অভিযোগ অনুসৰি একাংশ ABVP ৰ কৰ্মীয়ে বলপূৰ্বক ভাবে আছু সমৰ্থিত প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ কৰে। পিছত বিষয়টোক লৈ দুয়োটা সংগঠনৰ মাজত বিশ্ববিদ্য়ালয়ৰ চৌহদতে মাৰ পিটৰ সূত্ৰপাত হয়।

    আছু কৰ্মীয়ে ABVP কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ তুলি ‘আমিও অসমীয়া, আমাৰ গাতো খিলঞ্জীয়াৰ তেজ আছে’ আদি শ্লোগানেৰে ABVP এ কঁপাই তুলে ডিব্ৰুগড়ৰ ৰাজপথ। ইয়াৰ পূৰ্বেও বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত দুয়োটা সংগঠন সন্মুখ সমৰত লিপ্ত হোৱা দেখা গৈছিল দুয়োটা সংগঠনকে।

    ৰাজ্যৰ বৰ্তমান ইমান বোৰ জ্বলন্ত সমস্যা থকাৰ পিছতো সকলো সমস্যাক একাসৰীয়াকৈ ৰাখি সংগঠন দুটাৰ এনে ধৰণৰ কৰ্ম কাণ্ডই এতিয়া ব্যতিবস্ত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক। ইয়াৰ লগতে ৰাজ্যৰ শিক্ষা অনুষ্ঠান সমূহত এতিয়া ৰাজনীতিৰ খেল আৰম্ভ কৰি সংগঠন সমূহে বিভিন্ন সময়ত বিভিন্ন সংঘাতৰ সৃষ্টি কৰি আহিছে বুলিও অভিযোগ কৰে একাংশই।
    First published: