• Home
  • »
  • News
  • »
  • assam
  • »
  • ''মাধ্যমক লৈ চৰকাৰে আকোৰগোঁজ স্থিতি ত্যাগ কৰক'' – শংকৰজ্যোতি বৰুৱা, দুৰ্গাপূজাৰ পিছত ৰাজপথত নামিব আছু

''মাধ্যমক লৈ চৰকাৰে আকোৰগোঁজ স্থিতি ত্যাগ কৰক'' – শংকৰজ্যোতি বৰুৱা, দুৰ্গাপূজাৰ পিছত ৰাজপথত নামিব আছু

''মাধ্যম আন্দোলনৰ বাবে বহু শ্বহীদ হৈছিল, মাধ্যমত হাত নিদিব।''- সমুজ্জ্বল ভট্টাচাৰ্য

''মাধ্যম আন্দোলনৰ বাবে বহু শ্বহীদ হৈছিল, মাধ্যমত হাত নিদিব।''- সমুজ্জ্বল ভট্টাচাৰ্য

''মাধ্যম আন্দোলনৰ বাবে বহু শ্বহীদ হৈছিল, মাধ্যমত হাত নিদিব।''- সমুজ্জ্বল ভট্টাচাৰ্য

  • Share this:
    হোটেল প্ৰাগ কণ্টিনেণ্টেলত আছু, এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ উদ্যোগত বিশেষ বৈঠক অনুষ্ঠিত হয় আজি। বৈঠকত লগতে অংশগ্ৰহণ কৰে ৩০টাকৈ জনগোষ্ঠীয় ছাত্ৰ সংগঠনে। চৰকাৰৰ কেবিনেটে বিদ্যালয়ত ইংৰাজী মাধ্যম ব্যৱহাৰৰ সিদ্ধান্তক লৈ এই বৈঠকৰ আয়োজন কৰা হৈছিল। বৈঠকৰ শেষত সংবাদ মাধ্যমৰ আগত বৈঠকত লোৱা সিদ্ধান্তৰ বিষয়ে জনায় সংগঠনকেইটাৰ প্ৰতিনিধিয়ে।

    আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই (sankar jyoti baruah) কয়– '' চাৰিটা সংগঠনে বহু দিনৰ পৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে। চৰকাৰৰ সৈতে এই দিশত পুনৰ আলোচনা নহ'ল। শিক্ষামন্ত্ৰীৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ওফৰাই দিয়ে। আমি সকলো শিক্ষক সংগঠনক লগত লৈ আলোচনা কৰিছোঁ, চৰকাৰক আকোৰগোঁজ মনোভাব ত্যাগ কৰিবলৈ দাবী জনাইছোঁ।'' বৰুৱাই লগতে জনাই যে দুৰ্গা পূজাৰ পিছত এই সম্পৰ্কত গণতান্ত্ৰিক আন্দোলন কৰা হ'ব। চাৰিটা আহবায়ক সংগঠন আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে সহযোগ কৰিব এই আন্দোলনত। ইয়াৰ লগতে দুৰ্গা পূজাৰ পিছত শৈক্ষিক সন্মিলন অনুষ্ঠিত কৰা হ'ব আৰু অসমৰ দল-সংগঠনৰ মতামত লোৱা হ'ব।

    আনহাতে আছুৰ (AASU) সভাপতি দীপাংক কুমাৰ নাথে চৰকাৰৰ আকোৰ-গোঁজ স্থিতিৰ ফলত মাতৃভাষা মাধ্যম বন্ধ হৈ যোৱাৰ উপক্ৰম হোৱা বুলি অভিযোগ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও মাতৃভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, প্ৰয়োজন সাপেক্ষে ইংৰাজী আৰু মাতৃভাষা কৰিব পাৰে যদিও তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমৰ কথা উল্লেখ কৰা নাই।

    অসমৰ প্ৰত্যেকখন বিদ্যালয়ত প্ৰাক প্ৰাথমিক বিদ্যালয় খোলাৰ দাবী উত্থাপন কৰে আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই। তেওঁ কয় যে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষা শিকাব লাগিব। শিক্ষানুষ্ঠানসমূহ আকৰ্ষিত কৰি তোলাৰ দাবী জনোৱা হৈছে। তিনিখন পাহাৰীয়া জিলাত আন্ত:গাঁথনি আৰু শৈক্ষিক বিষয়টো ভালদৰে চোৱাৰ দাবী জনোৱা হৈছে। তেওঁ লগতে কয়– ''মাধ্যম আন্দোলনৰ বাবে বহু শ্বহীদ হৈছিল, চৰকাৰে আওকাণ কৰিলে নললিব, এই দাবী মানিব লাগিব চৰকাৰে। মাধ্যমত হাত নিদিব।''
    Published by:Gautam Barman
    First published: