মুখ্যপৃষ্ঠা »খবৰ »অসম »Sonitpur: BTR সম্প্ৰসাৰণৰ বিৰোধিতাৰে ২৮ জানুৱাৰীত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধ আহ্বান AASAAৰ

Sonitpur: BTR সম্প্ৰসাৰণৰ বিৰোধিতাৰে ২৮ জানুৱাৰীত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধ আহ্বান AASAAৰ

বিটিআৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে আজি ঢেকীয়াজুলিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৷

চৰকাৰক এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰিবলৈ আছাই দাবী জনাইছে৷ আনহাতে, কাইলৈ অৰ্থাৎ ২৮ জানুৱাৰীত শোণিতপুৰ জিলা ১২ঘন্টীয়া বন্ধৰ আহবান জনাইছে ৷

  • Share this:

গণৰাজ্য দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  BTR সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যি বক্তব্য ৰাখিছিল ইয়াৰ পিছতেই ক্ষোভৰ জুই জ্বলিছে উত্তৰ অসমৰ দল সংগঠনৰ মাজত ৷ বিটিআৰ সম্প্ৰসাৰণ গহপুৰলৈকে হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই প্ৰতিবাদমুখৰ হৈ পৰিছে কেইবাটাও জাতীয় সংগঠন ৷


ঢেকীয়াজুলি, বিশ্বনাথ আৰু গহপুৰৰ বহু কেইখন বড়ো অধ্য়ুষিত গাওঁ বিটিআৰত অন্তৰ্ভুক্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাকলৈ একাংশ সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ইয়াক একপক্ষীয় আখ্যা দি বিটিআৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে আজি ঢেকীয়াজুলিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (All Adivasi Students' Association Of Assam)ৰ উত্তাল প্ৰতিবাদ ৷ দিনৰ ১২বজাত ঢেকীয়াজুলিৰ ডিব্ৰুদৰং চাৰিআলিত শোণিতপুৰ জিলা আৰু ঢেকীয়াজুলি আঞ্চলিক সমিতি আছাৰ শতাধিক সদস্যই  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহাল আৰু সাংসদ পল্লৱ লোচন দাসৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে৷


আজি হাতে হাতে প্লেকাৰ্ড লৈ “ষড়যন্ত্ৰমূলকভাৱে বিটিআৰ সম্প্ৰসাৰণ মানি লোৱা নহ'ব” মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হায় হায়, “মন্ত্ৰী অশোক সিংহাল হুচিয়াৰ, “এই জুই জ্বলিছে জ্বলিবই, “বিটিআৰ সম্প্ৰসাৰণ সিদ্ধান্ত পুনৰ বিবেচনা কৰক, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানিবই লাগিব আদি চৰকাৰ বিৰোধী শ্লোগানেৰে ঢেকীয়াজুলিৰ ডিব্ৰুদৰং কপাঁলে আছাৰ সদস্যসকলে৷


ইয়াৰ পিছতে শোণিতপুৰ জিলা সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি অমৰজিৎ কেৰ্কেটাই সাংবাদিকৰ আগত কয়, "চৰকাৰে বিটিআৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে তাত আমি বিৰোধিতা কৰা নাই ৷ কিন্তু চৰকাৰে এই ক্ষেত্ৰত ঢেকীয়াজুলি, ৰঙাপৰা আদি অঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ জাতীয় দল সংগঠনৰ মতামত আদি ল'ব লাগিছিল ৷ কেবল এটা জনগোষ্ঠীৰ মতামত লৈ একপক্ষীয়ভাৱে বিটিআৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে সেইয়া কোনোপধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে ৷ বলপূৰ্বকভাৱে বিটিআৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে চৰকাৰে৷ ঢেকীয়াজুলিৰ আদিবাসীলোক সকলে দীৰ্ঘদিনৰ পৰা মাটিৰ পট্টাৰ দাবী কৰি আহিছে, সেই বিষয়ে কোনো দিনে আলোচনা কৰা নাই চৰকাৰে ৷ কিন্তু এতিয়া ৰাজনৈতিক লাভালাভৰ বাবে এই চৰকাৰখনে শোণিতপুৰ জিলাৰ লগতে বিশ্বনাথ, গহপুৰলৈ বিটিআৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে ৷"


চৰকাৰক এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰিবলৈ আছাই দাবী জনাইছে৷ আনহাতে, কাইলৈ অৰ্থাৎ ২৮ জানুৱাৰীত শোণিতপুৰ জিলা ১২ঘন্টীয়া বন্ধৰ আহবান জনাইছে ৷ এই ক্ষেত্ৰত সকলো শ্ৰেণীৰ ৰাইজকে শান্তিপূৰ্ণ বন্ধৰ বাবে সহযোগিতা কামনা কৰিছে আছাই ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত আছাৰ শোণিতপুৰ জিলাৰ উপসভাপতি নাৰায়ণ সিং গোড় উপস্থিত থাকি ৰাজ্য চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

শেহতীয়া বাতৰি