ঢেকীয়াজুলিত ৰহস্যজনক অৱস্থাত আদিবাসী ছাত্ৰ সন্থাৰ নেতাৰ মৃতদেহ উদ্ধাৰকৈ চাঞ্চল্য

News18 Assam | News18-Assam
Updated:October 1, 2020, 11:59 AM IST
ঢেকীয়াজুলিত ৰহস্যজনক অৱস্থাত আদিবাসী ছাত্ৰ সন্থাৰ নেতাৰ মৃতদেহ উদ্ধাৰকৈ চাঞ্চল্য
বুধবাৰে সন্ধিয়াৰ ভাগত নিজ ঘৰৰ কিছু আঁতৰত ৰে’লপথৰ কাষত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়৷

বুধবাৰে সন্ধিয়াৰ ভাগত নিজ ঘৰৰ কিছু আঁতৰত ৰে’লপথৰ কাষত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়৷

  • Share this:
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ বাতাচীপুৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এগৰাকী নেতাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ শোণিতপুৰ জিলা সমিতিৰ উপ সভাপতি বিষ্ণু তাঁতীৰ মৃতদেহ বুধবাৰে সন্ধিয়াৰ ভাগত নিজ ঘৰৰ কিছু আঁতৰত ৰে’লপথৰ কাষত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়৷

উল্লেখ্য যে তাঁতীৰ নিজ গৃহৰ অলপ দূৰত থকা বাতাচীপুৰৰ ৰে’ল পথৰ কাষত সন্ধিয়া সময়ত মূৰত আঘাতৰ চিন আৰু তেজেৰে লুতুৰি–পুতুৰি হৈ থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়৷ ইপিনে ৰে’লপথৰ ওচৰত মৃতদেহটো ৰহস্যজনক অৱস্থাত উদ্ধাৰক লৈ সৃষ্টি হৈছে সন্দেহ৷ স্থানীয়একাংশই সন্দেহ কৰিছে, যিটো সময়ত মৃতদেহটো উদ্ধাৰ হৈছে তাৰ কিছু সময়ৰ পূৰ্বে ৰঙাপৰাৰ পৰা ৰঙিয়া অভিমুখে এখন ৰে’ল পাৰ হৈ গৈছিল৷ গতিকে ৰে’লৰ খুন্দাত বিষ্ণু তাঁতীৰ মৃত্যু হোৱাৰ আশংকাও কৰা হৈছে৷

ইপিনে আন একাংশৰ অভিযোগ এয়া পৰিকল্পিত হত্যাকাণ্ড৷ কিয়নো ৰে’লৰ খুন্দাত মৃত্যু হ’লে কেবল মূৰত আঘাতৰ চিন থকাটোৱে ৰহস্য ঘণীভূত কৰিছে৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এগৰাকী নেতাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাত সংগঠনটোৱে এয়া পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ তুলি ইয়াৰ উচিত তদন্ত দাবী কৰিছে৷ এয়া হত্যা নে দুৰ্ঘটনা সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব৷
Published by: Sanjay Kumar Das
First published: October 1, 2020, 11:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি