ধূলাৰ আৰতি তুৰি হত্যাকাণ্ডৰ তদন্তত গাফলতিৰ অভিযোগত গ্ৰেপ্তাৰবৰণ কৰা কেইবাগৰাকীও আৰক্ষী বিষয়া আৰু চিকিত্সকৰ পিছত পলাতক অৱস্থাত থকা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাকো যোৱা ১১ নৱেম্বৰত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে।
আদালতৰ নিৰ্দেশত তেওঁক ন্যায়িক জিম্মালৈ পঠিওৱা হৈছিল আৰু আজি দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ জামিন আবেদন মঞ্জুৰ কৰে উচ্চ ন্যায়ালয়ে। উল্লেখ্য, CIDৰ তৰফৰ পৰা বেইল অবজেকচন জমা দিয়া হৈছিল উচ্চ ন্যায়ালয়ত।
তাত্পৰ্যপূৰ্ণ যে ধূলাৰ বনকৰা কিশোৰী আৰতি তুৰীৰ ধৰ্ষণ-হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়া এই ঘটনাই ৰাজ্যবাসীক আশ্চৰ্যান্বিত কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|