চৰকাৰ গঠন কৰিব পাৰিলে অসম চুক্তি ৰূপায়ণ কৰিব আম আদমী পাৰ্টীয়ে, অক্টোবৰত আহি আছে অৰবিন্দ কেজৰিৱাল

গুৱাহাটীকে ধৰি ৰাজ্যৰ চাৰি স্থানত নিৰ্বাচনী প্ৰচাৰ চলাব কেজৰিৱালে
গুৱাহাটীকে ধৰি ৰাজ্যৰ চাৰি স্থানত নিৰ্বাচনী প্ৰচাৰ চলাব কেজৰিৱালে
- News18 Assam
- Last Updated: September 10, 2020, 2:45 PM IST
বুধবাৰে বৰছলা সমষ্টিৰ বিহগুৰি পিঠাখোৱাৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা ভৱনত বিয়লি অনুষ্ঠিত দলৰ এক গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকি আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় নেতা তথা অসমৰ পৰ্যবেক্ষক ৰাজেশ শৰ্মাই অসমক দিল্লীৰ আৰ্হিত নিৰ্মাণ কৰাৰ পোষকতা কৰে। কেন্দ্ৰীয় সমিতিৰ নেতা জনে লগতে কয় যে, চৰকাৰ গঠন কৰিব পাৰিলে অসম চুক্তি ৰূপায়ণ কৰিব আম আদমী পাৰ্টীয়ে। লগতে মৌলিক সমস্যাৰ সমাধানৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় সমিতিৰ নেতাগৰাকীয়ে।
উল্লেখযোগ্য যে, ৰাজ্যৰ ১৫ খন জিলাত সাংগঠনিক কাম-কাজ প্ৰায় সম্পূৰ্ণ কৰিছে আম আদমী পাৰ্টীয়ে। বৰছলা সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী দেবেন ভেংৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে AAPৰ ৰাজ্যিক সভাপতি ড° ভৱেন চৌধুৰীও ৷ প্ৰায় শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আগন্তুক ২০২১ৰ নিৰ্বাচনত ১২৬ টা সমষ্টিতেই নিকা-ভাৱমূৰ্তিৰ প্ৰাৰ্থী থিয় কৰোৱাৰ কথা উল্লেখ কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে। নিৰ্বাচনৰ দুমাহৰ পূৰ্বে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব যদিও, প্ৰাৰ্থীক লৈ ৰাইজ সন্তুষ্ট নহ’লে সলনি কৰা হ’ব বুলি বিশেষ মন্তব্য প্ৰকাশ কৰে ড০ ভৱেন চৌধুৰীয়ে।