মুখ্যপৃষ্ঠা »খবৰ »অসম »AAP: অসমত আপৰ দুই মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি; ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত লাইখুঁটা স্থাপন আপ, অসম নেতৃত্বৰ

AAP: অসমত আপৰ দুই মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি; ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত লাইখুঁটা স্থাপন আপ, অসম নেতৃত্বৰ

আম আদমী পাৰ্টি, অসমে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।

আম আদমী পাৰ্টি, অসমে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।

আম আদমী পাৰ্টি, অসমে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।

  • Share this:
আম আদমী পাৰ্টীৰ দুই কেন্দ্ৰীয় নেতা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান অসমলৈ আহিব। আগন্তুক ২ এপ্ৰিলত দুই কেন্দ্ৰীয় নেতা গুৱাহাটীত আহিব। এই উপলক্ষে ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত বিশাল কৰ্মীসভা অনুষ্ঠিত হ'ব। ইয়াৰ পৰাই অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানে ৰাজ্যবাসীক সম্বেধন কৰিব।  জানিব পৰা মতে, পাঁচ সহস্ৰাধিক কৰ্মীয়ে এই সভাত অংশগ্ৰহণ কৰিব। ইতিমধ্যেই আম আদমী পাৰ্টি, অসমে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।

আজি ভৰলুমুখৰ সোণাৰাম হাইস্কুলত আপৰ কৰ্মীসভাৰ মণ্ডপৰ লাইখুঁটা স্থাপন কৰা হয়। এই কাৰ্যসূচীত আপৰ উত্তৰ-পূৱৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সমন্বক ভৱেন চৌধুৰী উপস্থিত থাকে। লগতে আপ, অসমৰ বহুসংখ্যক ৰাজ্যিক নেতা-কৰ্মীও উপস্থিত থাকে।

মন কৰিবলগীয়া যে, আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল অসমলৈ অহাত উৎফুল্লিত হৈছে দলটোৰ নেতা-কৰ্মীসকল। আপৰ উত্তৰ-পূৱৰ তত্বাৱধায়কগৰাকীয়ে বিজেপিৰ কু-শাসন উফৰাই আপৰ মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা হ'ব বুলি উল্লেখ কৰে।

ইফালে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈও আপৰ উত্তৰ-পূৱৰ তত্বাৱধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

শেহতীয়া বাতৰি