• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজেপিত এতিয়া আন দলৰ নেতাৰ ভিৰ! ভিত্তিবৰ্ষ লাগিব নেকি বিজেপিকো? ৰাজ্যিক বিজেপিৰ সভাপতিৰ মতে, অসমত ফেক্টৰ নহয় APP

বিজেপিত এতিয়া আন দলৰ নেতাৰ ভিৰ! ভিত্তিবৰ্ষ লাগিব নেকি বিজেপিকো? ৰাজ্যিক বিজেপিৰ সভাপতিৰ মতে, অসমত ফেক্টৰ নহয় APP

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই লগতে ক'লে  AAM ADMI PARTY ফেক্টৰ নহয় অসমত ৷  গুৱাহাটী পৌৰ নিগমত অমানতৰ ধন বাজেয়াপ্ত হ'ব AAP প্ৰাৰ্থীৰ ৷ 

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই লগতে ক'লে  AAM ADMI PARTY ফেক্টৰ নহয় অসমত ৷  গুৱাহাটী পৌৰ নিগমত অমানতৰ ধন বাজেয়াপ্ত হ'ব AAP প্ৰাৰ্থীৰ ৷ 

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই লগতে ক'লে  AAM ADMI PARTY ফেক্টৰ নহয় অসমত ৷  গুৱাহাটী পৌৰ নিগমত অমানতৰ ধন বাজেয়াপ্ত হ'ব AAP প্ৰাৰ্থীৰ ৷ 

  • Share this:
NRCৰ ভিত্তিবৰ্ষৰ দৰে অসম বিজেপিকো লগা হৈছে নেকি এটা ভিত্তিবৰ্ষ? বিজেপিত ঘটা আন দলৰ নেতাৰ পয়োভৰে প্ৰাসংগিক কৰি তুলিছে এই প্ৰশ্ন ৷ পিছে, ৰাজ্যিক বিজেপিৰ সভাপতিৰ দাবী বিজেপিয়ে নিৰ্মাণ কৰিছে নবীন প্ৰবীনৰ মাজত সাঁকো ৷ বিজেপিত এতিয়া মহাভিৰ ৷ ন-পুৰণি নেতাৰ মহা পয়োভৰ ঘটিছে এতিয়া বিজেপিত ৷ এই ভিৰৰ মাজত কোনোবা যদি হেৰাই গৈছে কাৰোবাৰ ঘটিছে উত্থান ৷

বিজেপিয়ে জাতত উঠাই লোৱা নেতাই দলটোৰ হৈ সমৰ্পিত মনোভাৱেৰে কাম কৰাৰ উদাহৰণো এতিয়া বহুত ৷ উদাহৰণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যি নেতাৰ নেতৃত্বক কংগ্ৰেছে বুজিবই নোৱাৰিলে, সেই নেতাৰ নেতৃত্বক বুজিলে বিজেপিয়ে ৷ সেয়ে, সভাপতি ভৱেশ কলিতাইও ক'লে, দল এক নিৰন্তৰ প্ৰক্ৰিয়াৰে চলে ৷ বিজেপি দলটোক বটবৃক্ষ আখ্যা দি ভৱেশ কলিতাই ক'লে, ন-পুৰণিৰ মাজত সাঁকো নিৰ্মাণ কৰে বিজেপিয়ে ৷ জ্যেষ্ঠজনক শ্ৰদ্ধা আৰু নবীনক মৰম দি যাব বিজেপিয়ে।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই লগতে ক'লে  AAM ADMI PARTY ফেক্টৰ নহয় অসমত ৷  গুৱাহাটী পৌৰ নিগমত অমানতৰ ধন বাজেয়াপ্ত হ'ব AAP প্ৰাৰ্থীৰ ৷ গুৱাহাটী পৌৰ নিগমত তিনিখন আসনত জয়ী হৈ আত্মবিশ্বাসী হৈ থকা ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ দাবী, প্ৰক্ষেপিত বিজেপিৰ সকলো প্ৰাৰ্থী জয়ী হ'ব নিৰ্বাচনত ৷

আনহাতে, কংগ্ৰেছ AIUDFৰ মিত্ৰতা আজি ভংগ হ'লে কাইলৈ পুনৰ হ'ব বুলিও মন্তব্য সভাপতি কলিতাৰ ৷  বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বি আৰ আম্বেদকাৰ জন্মদিনৰ লগত সংগতি ৰাখি বিজেপিৰ পষেকজোৰা কাৰ্যসূচীও ঘোষণা কৰিলে ৷ ১৪ এপ্ৰিলত সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ জন্মদিৱস৷ সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ জন্মদিৱসৰ লগত সংগতি ৰাখি ৭ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ প্ৰতিদিনে একোটাকৈ বিশেষ কাৰ্যসূচী ৰূপায়ন কৰিব বিজেপিয়ে ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি