অসমীয়া খিলঞ্জীয়াৰ ৰক্ষাকৱছ বুলি পৰিচিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক বিৰোধীতা কৰাৰ যেন প্ৰতিযোগিতাহে চলিছে! হোজাইৰ শিলাদিত্য আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পিছত এইবাৰ NRC ক লৈ বিৰূপ মন্তব্য প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থাই। শনিবাৰে দিচপুৰস্থিত ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে এন আৰ চি প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে ‘গণ আন্দোলন’ৰ হুংকাৰ দিয়ে।
চুডান্ত নাগৰিকপঞ্জী প্ৰকাশ পাবলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত সংগঠনটোৰ উপদেষ্টা আজিজুৰ ৰহমানে তীব্ৰ সমালোচনা কৰে প্ৰতীক হাজেলাক। ৰহমানে কয় যে, “এজন ভাৰতীয়ৰ নামো যদি এন আৰ চিৰ পৰা কৰ্তন যায়, তেন্তে কঠোৰৰ পৰা কঠোৰতম গণ আন্দোলনৰ কাৰ্য্যসূচী ল’বলৈ বাধ্য থাকিম।” এন আৰ চি সম্পৰ্কীয় যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে হাজেলাই দায়ী হ’ব বুলি আজি সকীয়াই দিয়ে।
“বহুদিন আমি ধৈৰ্য্য ধৰি সংযম ৰক্ষা কৰি চলিছো, উচ্চতম ন্যায়ালৰ নিৰ্দেশনা নামানি যদি উদ্দেশ্য প্ৰণোদিতভাৱে বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰে, কঠোৰৰ পৰা কঠোৰতম গণ আন্দোলনৰ কাৰ্য্যসূচী ল’ম। তাৰ পাছত যদি অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি হয়, তাৰ বাবে জগৰীয়া হ’ব প্ৰতীক হাজেলা।” আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে সংবাদমেলখনত কয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|