পুনৰ সংস্থাপন নকৰাকৈ অসমৰ বিভিন্ন জিলাত বিজেপি চৰকাৰে (Assam Government) কৰা উচ্ছেদ (Eviction) বন্ধ কৰিবলৈ আৰু উচ্ছেদিতসকলক পুনৰ সংস্থাপন (Rehabilitation of evicted) দিয়াৰ দাবীত গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত সাপকাটাত বুধবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (AAMSU)ৰ উদ্যোগত এক বিশাল গণ বিক্ষোভ কাৰ্যসূচী (Mass Protest Program) পালন কৰা হয়।
উক্ত গণ বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে (Rejaul Karim Sarkar) কয় যে হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sharma)ই মুখ্যমন্ত্ৰী হিচাপে ধৰ্মীয় সংখ্যালঘু (Religious Minority) ৰাইজক একপক্ষীয়ভাৱে টাৰ্গেট কৰি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা কৰিছে। "উচ্ছেদৰ নামত তেওঁ যিদৰে গৰুখুটি, লামডিং, কাৰ্বি আংলং আদিকে ধৰি বিভিন্ন অঞ্চলত অমানৱীয় হাৰাশাস্তি কৰিলে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। যদি কোনো ব্যক্তি চৰকাৰী ভূমিত থাকে, চৰকাৰী নিয়ম অনুসৰি সেই স্থানৰ ভাৰতীয়সকলক পোনতে বেলেগ ঠাইত পুনৰ সংস্থাপন কৰি তাৰ পিছত উচ্ছেদ কৰিব লাগে। কিন্তু চৰকাৰে দাবী ধমকি দি, বলডোজাৰ লগাই অন্যায়ভাৱে উচ্ছেদ কৰি তেওঁলোকক যাযাবৰী জীৱন অতিবাহিত কৰাবলৈ বাধ্য কৰাইছে। ফলত হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন নকৰি নিজকে মিচলীয়া মুখ্যমন্ত্ৰী হিচাপে পৰিচয় দিছে। গতিকে ডিচেম্বৰ মাহৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে যদি এই উচ্ছেদিতসকলক পুনৰ সংস্থাপন নিদিয়ে, অহা জানুৱাৰী মাহত দিল্লীত ইয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় চেমিনাৰ (National Seminar)ৰ আয়োজন কৰা হ'ব আৰু লাখ লাখ সংখ্যালঘু ৰাইজ ৰাষ্ট্ৰীয় ঘাইপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব" বুলি মন্তব্য কৰে ৰেজাউল কৰিমে।
ৰেজাউল কৰিম সৰকাৰে লগতে কয় যে আমি উচ্ছেদ বিৰোধী নহয়, কিন্তু উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন দিব লাগিব। মুখ্যমন্ত্ৰীয়ে যদি সংখ্যালঘুসকলক সন্দেহজনক বুলি কৈছে, বাংলাদেশী বুলি কৈছে, তেনেহলে তেওঁলোকক গ্ৰেপ্তাৰ কৰি বাংলাদেশলৈ কিয় পঠিয়াব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। কাৰণ মুখ্যমন্ত্ৰীয়েও জানে এওঁলোক অসম তথা ভাৰতীয় নাগৰিক। গতিকে তেওঁলোকক পুনৰ সংস্থাপন ব্যৱস্থা কৰিব লাগে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|