
আমছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংগঠনটোৱে প্ৰতিবাদ কৰে।
আমছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংগঠনটোৱে প্ৰতিবাদ কৰে।
হোজাইৰ ডবকা নগৰত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উত্তাল প্ৰতিবাদ। সংখ্যালঘূ ছাত্ৰ বৃত্তি প্ৰদানৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি ইয়াৰ উচিত তদন্ত বিচাৰি হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত। বিভিন্ন শ্লোগানেৰে আমছুৰ হোজাই জিলা সমিতিয়ে ডবকাৰ আকাশ–বতাহ কঁপাই তোলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি দাহ কৰিলে প্ৰতিবাদকাৰীয়ে। আমছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংগঠনটোৱে প্ৰতিবাদ কৰে। আমছুৰ দাবী, অসম চৰকাৰে শীঘ্ৰে এই দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰি দুৰ্নীতিৰ লগত জড়িত সকলো বিষয়া, দালালক গ্ৰেপ্তাৰ কৰিব লাগে। লগতে আত্মসাৎ কৰা ধন উদ্ধাৰ কৰি সংখ্যালঘু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক ন্যায় প্ৰদান কৰক চৰকাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|