''আমি ৰাষ্ট্ৰীয় ঘাইপথত ঘৰ সাজিম৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিমান পুলিচ প্ৰশাসন লগাই আমাক গুলীয়াই হত্যা কৰিব বিচাৰে আমি সাজু আছোঁ৷ কাৰণ আমি অত্যাচাৰ আৰু সহ্য নকৰো৷ যদি মুখ্যমন্ত্ৰীয়ে মিছাৰ আশ্ৰয় লয়, প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পাহৰে, তেতিয়াহ’লে আমি জীয়াই থকাতকৈ চৰকাৰে আমাক গুলীয়াই মাৰক।'' -এই তাৎপৰ্যপূৰ্ণ মন্তব্য আমছুৰ সভাপতি (President of AAMSU) ৰেজাউল কৰিম সৰকাৰৰ৷
শোণিতপুৰৰ বৰছলা সমষ্টিত হ'বলগীয়া উচ্ছেদ (Eviction)ক লৈ ঢেকীয়াজুলিত আমছুৰ উদ্যোগত আজি আয়োজিত বিশাল গণ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। উচ্ছেদৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক (Himanta Biswa Sarma Govt.) ক্ষুৰধাৰ সমালোচনা কৰি কয়- ''৭০-৮০ বছৰ ধৰি বৰছলা সমষ্টিত থকা কোনো এজন সংখ্যালঘু লোকে বৰছলা সমষ্টিৰ মাটি এৰি ক'তো নাযায়৷ মৰিলেও বৰছলা সমষ্টিতে থাকিব৷ কোনোবা যদি অন্য ঠাইৰ পৰা আহিছে সেইসকল লোক বৰছলা সমষ্টি এৰি যাওক, কিন্তু বৰছলা সমষ্টিত বছৰ বছৰ ধৰি বসবাস কৰি অহা লোকসকলে বৰছলা এৰি নাযায়।''
আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে উচ্ছেদক লৈ লৈ পুনৰ কয়- ''আমি উচ্ছেদৰ বিৰোধী নহয়, কিন্তু ভাৰতীয় তথা ভূমিহীন লোকক উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰক তাত আমছুৰ আপত্তি নাই৷ কিন্তু সংস্থাপন নিদিয়াকৈ মানৱ অধিকাৰ উলংঘা (Violation of human rights) কৰি এইখন চৰকাৰে বাৰম্বাৰ সংখ্যালঘু মুছলমান লোকক টাৰ্গেট কৰি উচ্ছেদ কাৰ্য চলাই হাৰাশাস্তি কৰি আহিছে৷ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল ভূমিহীন লোক সকলক ৬ বিঘাকৈ মাটি দিব, কিন্তু সেই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে ৰক্ষা নকৰে। গৰুখুটি, লামডিঙৰ পিছত বৰছলা সমষ্টিৰ কেইবাটাও অঞ্চলত উচ্ছেদ চলাবলৈ জাননী জাৰি কৰিছে৷''
আমছুৱে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি আগন্তুক সময়ত উচ্ছেদৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নকৰিলে আগন্তুক সময়ত দিছপুৰ ঘেৰাওকে ধৰি জিলা সদৰ আদি স্থানত লাখ লাখ সংখ্যালঘু ৰাইজে নিজৰ অধিকাৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিবলৈ ওলাই আহিবলৈ বাধ্য হ'ব আৰু ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ বুলি উল্লেখ কৰে।
ইপিনে আমছুৰ সভাপতিগৰাকীয়ে সাংসদ বদৰুদ্দিন আজমল আৰু আব্দুল খালেকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট আখ্যা দি উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘু সাংসদ,বিধায়কে ৰাজপথত ওলাই প্ৰতিবাদ নকৰিলে তেওঁলোকক সংখ্যালঘু ৰাইজে বহিষ্কাৰ কৰিব বুলি মন্তব্য কৰে। প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ সাধাৰণ সম্পাদক ইমতিয়াজ হুইছেনেও উচ্ছেদক লৈ চৰকাৰক সমালোচনা কৰে। শোণিতপুৰ জিলা আমছুৰ সভাপতি ৰহমত আনছাৰীয়ে আঁতধৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ উপদেষ্টা আব্দুৰ ৰহমান বিশ্বাস, উপ সভাপতি নজৰুল ইছলাম মিৰ্ধা,ময়দুল ইছলাম ,সম্পাদক আফতাব আলম আদিকে ধৰি কেইবাগৰাকী নেতা উপস্থিত আছিল৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|