
ধলপুৰৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন, মৃত ব্যক্তিৰ ক্ষতিপূৰণ প্ৰদানকে ধৰি স্বাস্থ্য, শিক্ষা, শিবিৰসমূহত পৰ্যাপ্ত যোগানৰ দাবী আমছুৰ।
ধলপুৰৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন, মৃত ব্যক্তিৰ ক্ষতিপূৰণ প্ৰদানকে ধৰি স্বাস্থ্য, শিক্ষা, শিবিৰসমূহত পৰ্যাপ্ত যোগানৰ দাবী আমছুৰ।
ছিপাঝাৰৰ গৰুখুঁটি কাণ্ডক কেন্দ্ৰ কৰি এতিয়াও অব্যাহত আছে উত্তেজনা। একাংশ ৰাজনৈতিক দলে এতিয়া নিজৰ মুনাফা আদায়ৰ বাবে ধলপুৰৰ বৰ্বৰ কাণ্ডক ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে। কংগ্ৰেছ আৰু AIUDF-এ উচ্ছেদিতসকলক সংস্থাপনৰ ব্যৱস্থা নকৰা পৰ্যন্ত উচ্ছেদ কাৰ্য বন্ধ ৰাখিবলৈ দাবী জনাইছে চৰকাৰক। কিন্তু তাৰ বিপৰীতে চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ৰাজ্য চৰকাৰ। এনেসময়তে মঙলবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে সাক্ষাত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ কৰি সংগঠনটোৱে ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদিত পৰিয়ালৰ পুৰণৰ সংস্থাপন, মৃত ব্যক্তিৰ ক্ষতিপূৰণ প্ৰদানকে ধৰি স্বাস্থ্য, শিক্ষা, শিবিৰসমূহত পৰ্যাপ্ত পৰিমাণে খাদ্য যোগানৰ দাবী তোলে ৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কালত সংগঠনটোৱে সাত দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰও প্ৰদান কৰে। আলোচনা কালত মুখ্যমন্ত্ৰীযে গুৰুত্ব সহকাৰে দাবী সমূহ আলোচনা কৰি পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|