• Home
  • »
  • News
  • »
  • assam
  • »
  • ডবকাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ আমছু, ডবকাতে আমছুৰ বিৰুদ্ধে সৰৱ ঐক্য সেনা অসম, প্ৰসংগ উচ্ছেদ

ডবকাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ আমছু, ডবকাতে আমছুৰ বিৰুদ্ধে সৰৱ ঐক্য সেনা অসম, প্ৰসংগ উচ্ছেদ

আমছুক অসমৰ সংখ্যালঘু মানুহে ঠিকা দিয়া নাই বুলি মন্তব্য কৰে ঐক্য সেনা অসমৰ হোজাই জিলা সমিতিৰ সভাপতি  আহমদ হুছেইনে ৷

আমছুক অসমৰ সংখ্যালঘু মানুহে ঠিকা দিয়া নাই বুলি মন্তব্য কৰে ঐক্য সেনা অসমৰ হোজাই জিলা সমিতিৰ সভাপতি  আহমদ হুছেইনে ৷

আমছুক অসমৰ সংখ্যালঘু মানুহে ঠিকা দিয়া নাই বুলি মন্তব্য কৰে ঐক্য সেনা অসমৰ হোজাই জিলা সমিতিৰ সভাপতি  আহমদ হুছেইনে ৷

  • Share this:
উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আমছু নেতৃত্ব৷ ডবকাত সংবাদ মেল অনুষ্ঠিত কৰি আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইনে কয় যে উচ্ছেদক লৈ খেল-ধেমালি কৰিছে হিমন্ত বিশ্ব শৰ্মাই।উচ্ছেদিত মহিলাৰ মান-সন্মানক  লৈ খেলিছে হিমন্ত  বিশ্ব শৰ্মাই। ডবকাত (Pressmeet at Doboka) সংবাদ মেল আয়োজন কৰি  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰণ মন্তব্য কৰে আমছু নেতাগৰাকীয়ে।

তেওঁ কয় যে অসমৰ ভৌগোলিক দিশৰ পৰা পূৰ্ণাংগ মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ।হিমন্ত বিশ্ব শৰ্মাক ভাৰতৰ গণৰাজ্যৰ প্ৰথমজন অৰ্ধ মুখ্যমন্ত্ৰী হিচাপে আখ্যা দিয়ে আমছু নেতাগৰাকীয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ বাবে বহু কিশোৰ-কিশোৰী, যুৱক-যুৱতী, বৃদ্ধ-বৃদ্ধাই মুক্ত আকাশৰ তলত নিশা কটাবলৈ বাধ্য হৈছে।

উচ্ছেদিত লোকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই তেওঁ কয় যে ইয়াৰ অন্যথা অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ, উজনি-নামনিৰ সংখ্যালঘু জনতা একগোট হৈ গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমছুৰ শ্লোগানেৰে দিছপুৰ অচল কৰাৰ হুংকাৰ দি ইয়াৰ বাবে কিবা অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'লে দায়ী হ'ব মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিত লোকক ৬ বিঘাকৈ ভূমি প্ৰদানৰ লগতে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ো ৰক্ষা কৰিব নোৱৰাত অকামিলা মুখ্যমন্ত্ৰী হিচাপে আখ্যা দিয়ে আমছু নেতাগৰাকীয়ে (AAMSU Leader) ।

আনহাতে ডবকাত সংবাদ মেল অনুষ্ঠিত কৰি আমছুক উভতি ধৰিলে ঐক্য সেনা অসমৰ (Oikya Sena Asom) হোজাই জিলা সমিতিয়ে ৷ আমছুক অসমৰ সংখ্যালঘু মানুহে ঠিকা দিয়া নাই বুলি মন্তব্য কৰে ঐক্য সেনা অসমৰ হোজাই জিলা সমিতিৰ সভাপতি  আহমদ হুছেইনে ৷ আমছুক নিষিদ্ধ কৰাৰ দাবী আহমদ হুছেইনৰ ৷ ডেৰ কোটি সংখ্যালঘু  জনতা একত্ৰিত হৈ আন্দোলন কৰিব বুলি মন্তব্য কৰিছিল আমছুৰ নেতা ইমতিয়াজ হুছেইনে ৷ আমছু নেতাৰ  এনে মন্তব্যৰ পাছত সংবাদ মাধ্যমত আমছুৰ বিৰুদ্ধে  তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ঐক্য সেনা অসমৰ নেতাগৰাকীয়ে ৷সংখ্যালঘু জনতাই আমছুৰ  (AAMSU)লগত নাই বুলি উল্লেখ কৰে আহমদ হুছেইনে ৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: