মুখ্যপৃষ্ঠা »খবৰ »অসম »বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

বিদ্যালয় একত্ৰীকৰণৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, একত্ৰীকৰণৰ বিপৰীতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে দাবী তোলে৷

বিদ্যালয় একত্ৰীকৰণৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, একত্ৰীকৰণৰ বিপৰীতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে দাবী তোলে৷

  • Share this:
বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত আম আদমি পাৰ্টীৰ প্ৰতিবাদ৷ অসমত ভুৱা শিক্ষা মডেল চলি থকাৰ অভিযোগ তুলি আম আদমি পাৰ্টীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ আম আদমি পাৰ্টীয়ে গোটেই অসমত নিজাববীয়াকৈ ছাৰ্ভে কৰা বুলি মন্তব্য কৰি কয় যে অসমত ৬০ শতাংশ বিদ্যালয়ত খোৱা পানীৰ ব্যৱস্থা নাই, ৭০ শতাংশ বিদ্যালয়ৰ খেল পথাৰ নাই, ৮৪ শতাংশ বিদ্যালয়ত পুথিভঁড়াল নাই আৰু ৯৫ শতাংশ বিদ্যালয়ত কম্পিউটাৰ নাই। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ থাকে যদিও বিদ্যালয়ত যদি কম্পিউটাৰৰ শিক্ষা দিয়া নহয় তেনেহ’লে কেনেকৈ জিজিটেল ইণ্ডিয়া হ’ব বুলি প্ৰশ্ন তোলে৷

আনহাতে বহু  বিদ্যালয়ত আন্তঃ গাঁথনিৰ লগতে শিক্ষকৰ অভাৱ বুলিও অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে৷ ইপিনে, বিদ্যালয় একত্ৰীকৰণৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, একত্ৰীকৰণৰ বিপৰীতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে দাবী তোলে৷

আনহাতে, অসমত চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাৰ বিপৰীতে ব্যক্তিগত বিদ্যালয়ৰ নিৰ্মাণেৰে শিক্ষা ব্যৱস্থাক ব্যৱসায়লৈ পৰিৱৰ্তন কৰা বুলি অভিযোগ তোলে৷ ইপিনে, অনুমতি নোলোৱাকৈ প্ৰতিবাদ কৰাৰ বাবে বৰপেটা আৰক্ষীয়ে প্ৰতিবাদী আম আদমি পাৰ্টীৰ প্ৰতিবাদকাৰীসকলক আটক কৰি বৰপেটা সদৰ থানালৈ লৈ যায়৷

শেহতীয়া বাতৰি