• Home
  • »
  • News
  • »
  • assam
  • »
  • AAM ADMI PARTY: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিনটোতে আপে কঁপালে গণেশগুৰি

AAM ADMI PARTY: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিনটোতে আপে কঁপালে গণেশগুৰি

কোভিডকালীন সময়ত পি পি ই কিট ক্ৰয়ক লৈ ব্যাপক কেলেংকাৰি হোৱাৰ অভিযোগ

কোভিডকালীন সময়ত পি পি ই কিট ক্ৰয়ক লৈ ব্যাপক কেলেংকাৰি হোৱাৰ অভিযোগ

কোভিডকালীন সময়ত পি পি ই কিট ক্ৰয়ক লৈ ব্যাপক কেলেংকাৰি হোৱাৰ অভিযোগ

  • Share this:
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ অনুসৰি দুই বিধায়কে শপতগ্ৰহণ কৰাৰ দিনটোতে আম আদমী পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে গণেশগুৰিত তীব্র প্রতিবাদ সাব্যস্ত কৰে। কোভিডকালীন সময়ত পি পি ই কিট ক্ৰয়ক লৈ ব্যাপক কেলেংকাৰি হোৱাৰ অভিযোগত আম আদমি পাৰ্টীয়ে এই প্ৰতিবাদ কৰে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰীক আৰক্ষীয়ে ভিন্ন স্থানত বাধা দিয়ে যদিও গুৱাহাটীত আপৰ সমাৱেশে দৃষ্টি আকৰ্ষণ কৰে। আপৰ পাঁচ শতাধিক সদস্যই গণেশগুৰিত 'বিজেপি চৰকাৰ হায় হায়, বিজেপি গ' বেক, PPE কিট কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰক', 'মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক' আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে (Aam Aadmi Party protest)।

ইয়াৰ লগতে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰক কথা আৰু কামৰ মাজত পাৰ্থক্য নাৰাখিবলৈ আহ্বান জনায়। আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ পিপিকিট কেলেংকাৰিত জড়িতসকলক লৈ তদন্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনায়।
Published by:Gautam Barman
First published: