• Home
  • »
  • News
  • »
  • assam
  • »
  • AAP : পঞ্জাব নিৰ্বাচনৰ পিছত এই ৯ ৰাজ্যত নজৰ আম আদমি পাৰ্টীৰ, প্ৰভাৰী আৰু ইলেকচন ইনচাৰ্জ নিযুক্তি

AAP : পঞ্জাব নিৰ্বাচনৰ পিছত এই ৯ ৰাজ্যত নজৰ আম আদমি পাৰ্টীৰ, প্ৰভাৰী আৰু ইলেকচন ইনচাৰ্জ নিযুক্তি

দলৰ ফালৰ পৰা ৯খন ৰাজ্যৰ পদাধিকাৰীৰ নিযুক্তিৰ তালিকা জাৰি কৰিছে।

দলৰ ফালৰ পৰা ৯খন ৰাজ্যৰ পদাধিকাৰীৰ নিযুক্তিৰ তালিকা জাৰি কৰিছে।

দলৰ ফালৰ পৰা ৯খন ৰাজ্যৰ পদাধিকাৰীৰ নিযুক্তিৰ তালিকা জাৰি কৰিছে।

  • Share this:
পঞ্জাব বিধানসভা নিৰ্বাচনত (Punjab Assembly Elections 2022) একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত আম আদমি পাৰ্টীয়ে এতিয়া দেশৰ আন ৰাজ্যতো সংগঠনৰ প্ৰসাৰ কৰা আৰম্ভ কৰিছে। বিশেষকৈ এই বছৰ বা অহা বছৰ নিৰ্বাচন হ’বলগীয়া ৰাজ্যসমূহত বিশেষ নজৰ দিছে দলটোৱে। দলৰ ফালৰ পৰা বৰ্তমান ৯খন ৰাজ্যত দলৰ সম্প্ৰসাৰণ ঘটাই প্ৰভাৰী আৰু সংগঠনৰ লোকৰ নাম ঘোষণা কৰিছে। এই ৰাজ্যসমূহৰ ভিতৰত দক্ষিণ ভাৰতৰ ৰাজ্যও আছে।

দলৰ ফালৰ পৰা ৯খন ৰাজ্যৰ পদাধিকাৰীৰ নিযুক্তিৰ তালিকা জাৰি কৰিছে। এই ৯খন ৰাজ্য হৈছে অসম, ছট্টীশগড়, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, কেৰালা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানা।

উল্লেখযোগ্য যে পঞ্জাবৰ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টীয়ে ১১৭খন আসনৰ ভিতৰত ৯২খনত জয়লাভ কৰিছিল। এই জয়ৰ পিছতে এতিয়া দলৰ বিস্তাৰ কৰাৰ কামত গুৰুত্ব দিছে দলটোৱে। দলটোৱে বৰ্তমান ৯ ৰাজ্যত নিজৰ দলৰ বিস্তাৰৰ ওপৰত অধিক গুৰুত্ব দিছে। পৰৱৰ্তী সময়ত আন ৰাজ্যতো কৰা হ’ব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি