Bongaigaon Erosion: মাণিকপুৰত আই নদীৰ গৰাখহনীয়াত জাহ গল মছজিদ, ঈদগাহ, কৱৰস্থান সহ বজাৰ। চকুৰ সন্মুখতে জাহ যাব ধৰিছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ গৃহ ৷
Bongaigaon Erosion: মাণিকপুৰত আই নদীৰ গৰাখহনীয়াত জাহ গল মছজিদ, ঈদগাহ, কৱৰস্থান সহ বজাৰ। চকুৰ সন্মুখতে জাহ যাব ধৰিছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ গৃহ ৷
বঙাইগাঁও জিলাৰ মানিকপুৰৰ ২নং বাশবাৰীত পুনৰ ভয়াৱহ ৰূপ লৈছে গৰাখহনীয়াই । গৰাখহনীয়াত জাহ গ'ল মছজিদ, ঈদগাহ, কবৰস্থান আৰু বজাৰ আদি বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠান ৷ চকুৰ সন্মুখতে এটা এটাকৈ নৈৰ বুকুত জাহ গৈ নিচিহ্ন হৈ পৰিছে ৷ এতিয়ালৈকে প্ৰায় তিনিশ পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত বিলীন হৈছে। বঙাইগাঁও কীৰ্ত্তনপাৰা সংযোগী গড়কাপ্তানি পথটো গৰাখহনীয়াৰ কবলত পৰি যাতায়ত বিছিন্ন হৈ পৰে।
কালিৰ পৰা আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কুৰি খনৰো অধিক গাঁও। আই নৈৰ বাঢ়নী পানীত প্লাৱিত হৈছে ন ন অঞ্চল। বানপানীৰ আৰু গৰাখহনীয়া তাণ্ডৱত দিকহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক। খাদ্য আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বহু পৰিয়াল। বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়াৰ প্ৰতিৰোধত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|